মুখ্য-পৃষ্ঠা

একেখন হাস্পাতালৰ ৭২ গৰাকী চিকিৎসকৰ দেহত কোৰোনা….

asomiyapratidin

ডিজিটেল ডেস্ক: দেশত কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ অমিক্ৰন সংক্ৰমিত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। দেশত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ১৮০০ অতিক্ৰম কৰিছে। প্ৰতিদিনে ২০০ তকৈও অধিক নতুন অমিক্ৰন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। দিল্লী, মহাৰাষ্ট্ৰকে ধৰি অমিক্ৰনৰ সংক্ৰমন এতিয়ালৈকে ২৩ খনতকৈও অধিক ৰাজ্যলৈ বিয়পি পৰিছে।

দিল্লী, মহাৰাষ্ট্ৰ, গুজৰাট, কেৰালা, উৰিষ্যাকে ধৰি কেইবাখনো ৰাজ্যই সৰ্বাধিক সংখ্যক অমিক্ৰন গোচৰ পঞ্জীয়ন কৰিছে। আনহাতে, কৰোনাৰ সংক্ৰমনো যথেষ্ট বৃদ্ধি পাইছে। বিহাৰৰ নালন্দা চিকিৎসা মহাবিদ্যালয়ৰ ৭২ জন চিকিৎসকৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। ইয়াৰ পূৰ্বে সোমবাৰে চিকিৎসা মহাবিদ্যালয় খনৰ ৮৭ গৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছিল কোভিড। ইয়াৰ পূৰ্বে আন ২০ জনৰ চিকিৎসককৰ দেহত ধৰা পৰিছিল কোভিড।

বৰ্তমান কোভিডৰ ক্ষেত্ৰত বিহাৰতো পৰিস্থিতি ভয়ংকৰ হৈ লাগিছে। ইফালে, দিল্লী আৰু মুম্বাইকে ধৰি বহুতো মহানগৰত কৰোনা এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত আছে।খবৰ পোৱা গৈছে যে প্ৰায় এবছৰৰ পিছত মুম্বাইত ৮,০০০ ৰো অধিক কোৰোনাৰ কেচ ৰুজু কৰা হৈছে। প্ৰায় 8 মাহৰ পিছত দিল্লীত ৪০০০ ৰো অধিক কোৰোনাৰ কেচ ৰুজু কৰা হৈছে। ৰাজধানী দিল্লীত কোৰোনা পজিটিভিটিৰ হাৰ ৬ শতাংশতকৈও অধিক হৈছে।