মুখ্য-পৃষ্ঠা

ডাঙৰ মানুহৰ সন্তানবোৰ কোনো কামৰ নহয়ঃ ৰাজ্যপালৰ বিৰ্তকিত মন্তব্য…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভিন্ন সময়ত নিজৰ মন্তব্যৰ বাবে সততে বিৰ্তকত থকা জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল তথা বৰ্তমানৰ গোৱা ৰাজ্যপাল সত্যপাল মালিক পুনৰ বিৰ্তকত সাঙুৰ খাই পৰিছে। যোৱা বৃহস্পতিবাৰে গোৱাৰ পোণ্ডাত অনুষ্ঠিত হোৱা আদিবাসী বিদ্যাৰ্থী সন্মিলনত ভাগ লৈছিল ৰাজ্যপাল মালিকে। শিক্ষাৰ্থীসকলক সম্বোধন কৰি সত্যপাল মালিকে ভাষণৰ প্ৰসংগত কয় যে, চহৰৰ ডাঙৰ মানুহৰ সন্তানবোৰ কোনো কামৰ নহয়।'

ইয়াতে ক্ষান্ত নাথাকি ৰাজ্যপালগৰাকীয়ে লগতে কয়, 'দেশত এতিয়া ৰাম মন্দিৰ প্ৰসংগ চলি আছে। প্ৰতিদিনে বহু বিজ্ঞ আৰু পণ্ডিত লোকৰ ভাষণ শুনো। কিন্তু সীতাক উদ্ধাৰৰ উদ্দেশ্য ৰাম লংকালৈ যোৱাৰ পৰত কোনো উচ্চ বৰ্ণৰ লোকে তেওঁক সহায় কৰা নাছিল। আপোনালোকে এনে এজনৰ নামো কেতিয়াবা শুনিছেনে।' ৰাজ্যপাল গৰাকীৰ এই মন্তব্যৰ পাছতে এতিয়া গোৱাৰ লগতে দেশৰ ভিন্ন প্ৰান্তত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।