মুখ্য-পৃষ্ঠা

ধৰ্ষণ আৰু শিশু অপহৰণত অভিযুক্ত স্বামী নিত্যানন্দৰ বিদেশলৈ পলায়ন!

asomiyapratidin

ডিজিটেল ডেস্কঃ বিতৰ্কিত স্বঘোষিত ভগৱান স্বামী নিত্যানন্দই দেশৰ পৰা পলায়ন কৰা বুলি দাবী কৰিছে গুজৰাট আৰক্ষীয়ে। গুজৰাটৰ এইগৰাকী স্বয়ম্ভূ ভগৱানৰ বিৰুদ্ধে আছে ধৰ্ষণৰ অভিযোগৰ উপৰিও শিশুক অপহৰণ কৰি আশ্ৰমে বন্দী কৰি ৰখাৰ অভিযোগ। নিত্যানন্দই গুজৰাটৰ পৰা পলায়ন কৰি ত্ৰিনিদাত আশ্ৰয় লৈ থকা বুলিও গুজৰাট আৰক্ষীৰ এক সূত্ৰৰ দ্বাৰা প্ৰকাশ পাইছে।

উল্লেখ্য যে, স্বামী নিত্যানন্দৰ বিৰুদ্ধে কৰ্ণাটকত এটি ধৰ্ষণৰ গোচৰ ৰুজু হৈ আছে। তাৰ সমান্তৰালভাৱে শিশুক অপহৰণ কৰি আহমদাবাদৰ আশ্ৰমত স্বামী নিত্যানন্দই বন্দী বনাই অত্যাচাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে। খবৰ অনুসৰি এইগৰাকী স্বামীয়ে অপহৰণ কৰা শিশুসকলক ভীক্ষাৰ দৰে কৰ্মত জড়িত কৰাই ধন ঘটাই আহিছিল। এই অভিযোগ সন্দৰ্ভত ইতিমধ্যে বুধবাৰে এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। অন্যহাতে নিত্যানন্দৰ দুই শিষ্যা প্ৰাণপ্ৰিয়া আৰু প্ৰিয়াতভাক বৃহস্পতিবাৰে অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

আহমদাবাদৰ আৰক্ষী অধীক্ষক (গ্ৰামীণ) আৰ ভি আচাৰীয়ে জানিবলৈ দিয়া মতে, বিদেশলৈ পলায়ন কৰা স্বমী নিত্যানন্দক ঘূৰাই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু বিদেশ মন্ত্ৰণালয়ৰ এক সূত্ৰই সদৰী কৰা অনুসৰি এই সন্দৰ্ভত গুজৰাট আৰক্ষীয়ে বিদেশ মন্ত্ৰণালয়ৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই। নিত্যানন্দক ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ বাবেও গুজৰাট আৰক্ষীয়ে বিদেশ মন্ত্ৰণালয়ক আবেদন জনোৱা নাই বুলিও জানিবলৈ দিয়ে বিদেশ মন্ত্ৰণালয়ে।