মুখ্য-পৃষ্ঠা

ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ, ৩৬-৪০ মাহত কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। ৫ আগষ্টত ভূমিপূজন আৰু শিলান্যাসৰ পাছত বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হৈছে মন্দিৰটোৰ নিৰ্মাণ কাৰ্য। ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য ৩৬ৰ পৰা ৪০ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, চিবিআৰআই আৰু আইআইটি, মাদ্ৰাছৰ সৈতে মিলি এল এণ্ড টিৰ ইঞ্জিনিয়াৰে মাটিৰ পৰীক্ষা কৰাত ব্যস্ত আছে। শ্ৰীৰাম ভূমি জন্মভূমি তীৰ্থ ক্ষেত্ৰই সদৰী কৰা মতে, মন্দিৰটোৰ নিৰ্মাণ ভাৰতৰ প্ৰাচীণ নিৰ্মাণ পদ্ধতিত কৰা হ'ব। যাতে বহু দীঘলিয়া সময়লৈকে মন্দিৰটোত ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগে প্ৰভাৱ পেলাব নোৱাৰে।