মুখ্য-পৃষ্ঠা

চিলাপথাৰ APDCL'ৰ অস্থায়ী কৰ্মচাৰীক ভাতে মৰাৰ ষড়যন্ত্ৰ!

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ APDCL'ৰ অস্থায়ী কৰ্মচাৰীক ভাতে মৰাৰ ষড়যন্ত্ৰ। শীঘ্ৰে চাকৰি নিয়মীয়াকৰণৰ দাবী। জঙ্গী আন্দোলনৰে APDCL অচল কৰি দিয়াৰ ভাবুকি। APDCL'ৰ চিলাপথাৰ সংমণ্ডল কাৰ্যালয়ত কৰ্মৰত ৫,৪২২ জন অস্থায়ী কৰ্মচাৰীৰ ভবিষ্যতক লৈ চৰকাৰে চৰম অন্যায় কৰাৰ অভিযোগ উঠিছে।

আজি কাৰ্যালয়ত বহু সংখ্যক অস্থায়ী কৰ্মচাৰী উপস্থিত থাকি বিষয়টোক লৈ গভীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি‌ শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। নিজা নিজা জীৱনক তুচ্ছ জ্ঞান কৰি বছৰ বছৰ ধৰি বিনা বেতনে কৰ্তব্য কৰি Apdcl'ক জীয়াই ৰখা অস্থায়ী শ্ৰমিক সকলৰ জীৱনক লৈ চৰম হেতালি খেলিছে চৰকাৰখনে।

কোম্পানীটোত সুদীৰ্ঘদিন গেবাৰি খাতি থকা ৫,৪২২ শ্ৰমিকৰ ভিতৰত মাত্ৰ ৬০ শতাংশৰ নাম প্ৰেৰণ কৰি বাকী সকলৰ নাম বাদ পেলাই চৰম পক্ষপাতমুলক স্থিতি প্ৰদৰ্শন কৰিলে বিভাগে।

অস্থায়ী শ্ৰমিক সকলৰ জীৱন অন্ধকাৰ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ আহ্বান জনাই ইতিমধ্যে তিনিবাৰকৈ ভেৰিফিকেচন কৰাৰ পিছতো প্ৰশিক্ষিত আৰু অভিজ্ঞ শ্ৰমিক সকলৰ নাম বাদ পেলোৱাৰ কাৰণ কি। শীঘ্ৰে সকলোকে অন্তৰ্ভুক্ত নকৰিলে যজ্ঞ আন্দোলন কৰি APDCL অচল কৰি দিয়াৰ ভাবুকী দিলে বঞ্চিত শ্ৰমিক সকলে।