- গান্ধী পৰিয়ালৰ এছপিজি ছিকিউৰিটি উঠাই লোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ।
- দিল্লীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে।
- গান্ধী পৰিয়ালৰ পৰা এছপিজি ছিকিউৰিটি উঠাই নোলোৱাৰ দাবী কংগ্ৰেছ কৰ্মীসকলৰ।
- উল্লেখ্য যে, গান্ধী পৰিয়ালৰ সদস্য সকলৰ পৰা এছপিজি ছিকিউৰিটি উঠাই লোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।
- শুকুৰবাৰে গৃহ মন্ত্ৰণালয়ৰ এক সূত্ৰৰ জৰিয়তে প্ৰকাশ পাইছে এই খবৰ।
- খবৰ অনুসৰি, ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ পৰা উঠাই লোৱা হ'ব এই বিশেষ নিৰাপত্তা।
- তাৰ পৰিৱৰ্তে তেওঁলোকে লাভ কৰিব কেৱল জেড প্লাছ ছিকিউৰিটি।