shivraj patil
shivraj patil  
মুখ্য-পৃষ্ঠা

শ্ৰী কৃষ্ণই অৰ্জুনক শিকাইছিল 'জেহাদ' !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ইছলামতেই নহয়, খ্ৰীষ্টান আৰু হিন্দু ধৰ্মতো আছিল জেহাদ ! হিন্দু ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ গীতাত আছে জেহাদৰ কথা ! শ্ৰীকৃষ্ণই অৰ্জুনক দিছিল জেহাদৰ শিক্ষা ! এয়া আমাৰ কথা নহয়, এই কথা কংগ্ৰেছ নেতা তথা প্ৰাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ।

বৃহস্পতিবাৰে দিল্লীত প্ৰাক্তন মন্ত্ৰী মহছিনা কিদৱাইৰ আত্মজীৱনী উন্মোচন কৰি শিৱৰাজ পাটিলে কৰা এই মন্তব্যই এতিয়া দেশজুৰি বিতৰ্কৰ সূচনা কৰিছে। নিৰ্বাচনৰ পূৰ্বে শিৱৰাজ পাটিলে কৰা এই মন্তব্যক কেন্দ্ৰ কৰিয়েই এতিয়া বিজেপিয়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

দিল্লীত বৃহস্পতিবাৰে শিৱৰাজ পাটিলে আত্মজীৱনীখন উন্মোচন কৰি কয় যে, কোৱা হয় ইছলাম ধৰ্মত জেহাদৰ বিষয়ে যথেষ্ট আলোচনা কৰা হয়। সংসদত আমি জেহাদৰ ওপৰত কাম কৰা নাই কিন্তু জেহাদৰ ধাৰণৰা ওপৰত কাম কৰি আছো।

তেওঁ কয়, গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক জেহাদৰ কথা কৈছিল। জেহাদ কেৱল ইছলাম ধৰ্মতেই নাই। খ্ৰীষ্টান আৰু হিন্দু ধৰ্মতো আছে। খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থত লিখা আছে তেওঁলোকে কেৱল শান্তি প্ৰতিষ্ঠাৰ বাবে অহা নাই, তৰোৱালো লগত আনিছে।

শিৱৰাজ পাটিলৰ এনে মন্তব্যৰ পিছতে এতিয়া বিজেপিয়ে পাটিলৰ লগতে কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লৈছে। বিজেপিৰ মতে শিৱৰাজ পাটিলে মুছলমানসলক সন্তুষ্ট কৰিবলৈ এই মন্তব্য কৰিছে। আনহাতে বিজপিৰ মুখপাত্ৰ শ্বহজাদ পুনাৱালাই কৈছে যে, কংগ্ৰেছে হিন্দু বিদ্বেষৰ সকলো সীমা অতিক্ৰম কৰিছে।

তেওঁ কয় যে, এইজন সেইজন শিৱৰাজ পাটিল যিয়ে হিন্দু সন্ত্ৰাস শব্দটো প্ৰথমে প্ৰয়োগ কৰিছিল। সেই শিৱৰাজ পাটিলেই এতিয়া গীতাক জেহাদৰ লগত তুলনা কৰিছে। তেওঁ কৈছে শ্ৰীকৃষ্ণই অৰ্জুনক জেহাদ শিকাইছিল।

ইয়াৰ উপৰিও বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে, এই কংগ্ৰেছ দলেই ৰাম মন্দিৰৰ বিৰোধিতাৰে শপতনামা দাখিল কৰি ৰামৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপ্ন কৰি হিন্দু সন্ত্ৰাসৰ কথা কয়। তেওঁৰ মতে শিৱৰাজ পাটিলে গুজৰাট নিৰ্বাচনক কেন্দ্ৰ কৰি এনে মন্তব্য কৰিছে।

উল্লেখ্য যে মহাৰাষ্ট্ৰৰ এইগৰাকী কংগ্ৰেছ নেতাক কংগ্ৰেছৰ শক্তিশালী নেতাসকলৰ মাজৰ এজন বুলি গণ্য কৰা হয়। ১৯৮০ চনৰ পৰা কেইবাবাৰো কেন্দ্ৰীয়মন্ত্ৰী হোৱা পাটিল ২০০৪ ৰ পৰা ২০০৮ লৈ আছিল দেশৰ গৃহমন্ত্ৰী। আনহাতে ২০১০ চনত তেওঁক পঞ্জাৱৰ ৰাজ্যপাল হিচাপেও দায়িত্ব প্ৰদান কৰা হৈছিল।