মুখ্য-পৃষ্ঠা

ভংগ হৈছে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ ! মমতা বেনাৰ্জী, তৃণমূলে দখল কৰিব কংগ্ৰেছৰ স্থান….

asomiyapratidin

ডিজিটেল ডেস্কঃ ভংগ হ'ল কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ! দেশৰ শেহতীয়া ৰাজনৈতিক পৰিঘটনা কিছুমানে তাৰেই ইংগিত বহন কৰিছে। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ দৰল বিপৰীতে এতিয়া তৃণমূল কংগ্ৰেছ আৰু দলটোৰ নেত্ৰী মমতা বেনাৰ্জীয়েহে মুখ্য ভূমিকা গ্ৰহণ কৰিছে। যোৱা কেইবছৰত দেশৰ ৰাজনীতিত অতি দুৰ্বল হৈ পৰিছে কংগ্ৰেছ। ইয়াৰ বিপৰিতে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ শক্তিশালী হৈ উঠিছে।

তৃণমূল কংগ্ৰেছক প্ৰতিখন ৰাজ্যলৈ লৈ যাবলৈ দলটোৰ নেতৃত্বই চেষ্টা অব্যহাত ৰাখিছে। বিভিন্ন ৰাজ্যৰ প্ৰতিষ্ঠিত ৰাজনৈতিক নেতাক তৃণমূললৈ আদৰিছে। মমতা বেনাৰ্জীয়ে কংগ্ৰেছ দলটো দুৰ্বল হোৱাৰ বাবে ৰাজনৈতিক পথাৰখনত খালী হোৱা ঠাইখন দখল কৰিবলৈ চেষ্টা চলাইছে। ত্ৰিপুৰা, মেঘালয়, অসম, গোৱাকে ধৰি বিভিন্ন ৰাজ্যত ইতিমধ্যে আৰম্ভ কৰিছে দলৰ সাংগঠনিক কাম-কাজ।

বুধবাৰে মমতাই মুম্বাইত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰক সাক্ষাত কৰিছে। এই সাক্ষাতৰ আঁৰৰ কাৰণ নতুনকৈ বিৰোধী দলক শক্তিশালী কৰা ইংগিত বুলি চৰ্চা চলিছে। এই চৰ্চাৰ মাজতেই মমতাই এই বিষয়ে স্পষ্ট মতামত আগবঢ়াইছে। তেওঁ কৈছে, নতুন বিৰোধী দল গঠন কৰিবলৈ তেওঁ আগ্ৰহী।

মমতাই কয়, কংগ্ৰেছ দলে বৰ্তমানৰ ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়া নাই। বুধবাৰে আবেলি শাৰদ পাৱাৰৰ সৈতে হোৱা বৈঠকত তেওঁ কয়, "ইউ পি এ কি? এতিয়া ইউ পি এ নাই। কেৱল সেয়াই নহয়, শাৰদ পাৱাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে মমাত বেনাৰ্জীক প্ৰধান নেতৃত্ব হিচাপে প্ৰক্ষেপ কৰিবলৈ বিচাৰিছে।

ইফালে মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পিছতে কংগ্ৰেছ দলে মমতা বেনাৰ্জীক উভতি ধৰিছে। দলটোৰ ফালৰ পৰা কৈছে মমতা বেনাৰ্জী আৰু তেওঁৰ তৃণমূল দলে কেৱল নিজৰ কথা চিন্তা কৰে। শাসনত থকা ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰিব নোৱাৰে। মমতা বেনাৰ্জীৰ কামকাজে কেন্দ্ৰত পুনৰ বিজেপি দলক শাসনলৈ অহাত সুবিধা কৰি দিব।