মুখ্য-পৃষ্ঠা

ঢকুৱাখনাত কংগ্ৰেছৰ  প্ৰতিবাদী সমদলত উত্তাল ৰাজপথ…

asomiyapratidin

ডিজিটেল সংবাদ , ঢকুৱাখনা : দেশৰ তদন্তকাৰী সংস্থা "এনফৰ্চমেণ্ট ডাইৰেক্টৰ"ক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ , ৰাষ্ট্ৰৰ সৰ্ব শক্তিধৰ ভাৰতীয় সেনাৰ মৰ্যদা ভূ লুণ্ঠিত কৰি "অগ্নিপথ"আঁচনি  গ্ৰহণ আদিৰ বিৰোধিতাৰে শুক্ৰবাৰে ঢকুৱাখনাত সাব্যস্ত কৰা হয় সবল প্ৰতিবাদ । ঢকুৱাখনা  আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ উদ্যোগত, ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছ , ব্লক যুৱ কংগ্ৰেছ , ব্লক এন এছ ইউ আই ,ব্লক ইউথ বিগ্ৰেড আদিৰ সহযোগত শুক্ৰবাৰে দুপৰীয়া সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । 

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে , জিলা মহিলা কংগ্ৰেছ নেত্ৰী মণিকা পাতিৰ ,ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মুকুল গগৈ , সভাপতি তৰুণ চেতিয়া , ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া , সাধাৰণ সম্পাদক শৰৎ পাতিৰ ,ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱা , ইউথ বিগ্ৰেডৰ সভাপতি ৰমেন দাস আদিৰ নেতৃত্বত শতাধিক কংগ্ৰেছীয়ে ঢকুৱাখনা ৰাজীৱ ভৱনৰ পৰা পদব্ৰজে  প্ৰতিবাদী সমদল কৰি  উপস্থিত হয় ঢকুৱাখনা ৰাজহ চক্ৰৰ কাৰ্যালয়ত ।

হাতে হাতে  প্লে'কাৰ্ড লৈ  কংগ্ৰেছী নেতা আমাৰ নেতা ৰাহুল গান্ধীক ই ডিয়ে  চলোৱা  চক্ৰান্তমূলক নিৰ্যাতন বন্ধ কৰক , গনতন্ত্ৰক ৰক্ষা কৰক , ৰাহুল গান্ধী জিন্দাবাদ ,জাতিয় কংগ্ৰেছ জিন্দাবাদ , অগ্নিপথ আঁচনি বাতিল কৰক , বান খহনীয়া সমস্যা স্থায়ী সমাধান কাৰক , বিজেপি মূর্দাবাদ , নৰেন্দ্ৰ মোদী হায় হায় , বিজেপি হুচিয়াৰ , কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা বন্ধ কৰক, আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় চৌহদত অৱস্থান কৰি পৰিবেশ উত্তপ্ত কৰি তোলে।

বহু সময় ধৰি কাৰ্য্যালয়ৰ প্ৰৱেশ পথ আবদ্ধ কৰি  পৰৱৰ্তী সময়ত সমীপত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী  ৰূপায়ন কৰি সবল প্ৰতিবাদ সাব্যস্ত কৰে  প্ৰতিবাদকাৰী সকলে । তাৰোপৰি ঢকুৱাখনা বিধানসভা সমষ্টিত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপ সভাপতি নিযুক্তি, জীৱিকা সখী নিযুক্তিৰ নামত  শাসক দলে নিৰ্লজ গেৰুৱা কৰণ কৰা ,  সমগ্ৰ ৰাজ্যত বিজেপি দলে স্বেচ্ছাচাৰী শাসন প্ৰৱৰ্তন কৰা  ,পৰ্য্যাপ্ত বান সাহায্য প্ৰদান নকৰা আদি সীমাহীন অনিয়ম অবিচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰা বুলি  সংবাদ মাধ্যমক অৱগত কৰি প্ৰতিবাদী কাৰ্যসূচীৰ সফল সামৰণি মাৰে।