মুখ্য-পৃষ্ঠা

কংগ্ৰেছ নেতাৰ সংবাদমেলত বিজেপি কৰ্মীৰ গান্ধীগিৰি!

asomiyapratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ মুখপাত্ৰ প্ৰৱণ খেৰে দিল্লীত সংবাদমেল দি আছিল। বিজেপিক সমালোচনা কৰি আছিল কংগ্ৰেছ নেতাগৰাকীয়ে। কিন্তু তাত উপস্থিত থকা এজন বিজেপি সমৰ্থকে ইয়াৰ প্ৰতিবাদ কৰিলে। কংগ্ৰেছ মুখপাত্ৰগৰাকীক চৰ বা তেওঁৰ গা লৈ ক'লা চিয়াহী দলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা নাছিল তেওঁ।

সংবাদমাধ্যমক সম্বোধন কৰি কংগ্ৰেছ নেতাজনৰ সন্মুখত এখন ৰাষ্ট্ৰীয় পতাকা লৈ উপস্থিত হয় তেওঁ। তাৰপাছত তেওঁ কয়- 'যোগী আদিত্যনাথক অজয় সিং বিষ্ট বুলি আখ্যা দিয়াটো ভাৰতীয় সংস্কৃতিৰ অপমান। বন্দে মাতৰম, ভাৰত মাতা কী জয়।'

তাৰপাছত ব্যক্তিজনক নিৰাপত্তাৰক্ষী আৰু কংগ্ৰেছৰ কৰ্মকৰ্তাই সেই স্থানৰ পৰা আঁতৰাই নিলে। ইয়াকে হয়তো কয় প্ৰতিবাদৰ গান্ধীগিৰি! চাওঁক ভিডিঅ'-