মুখ্য-পৃষ্ঠা

প্ৰধানমন্ত্ৰী মোডীয়ে পাকিস্তানক প্ৰেমপত্ৰ লিখা বন্ধ কৰিব লাগেঃ কংগ্ৰেছ

asomiyapratidin

ডিজিটেল ডেস্কঃ পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া শুভকামনা সন্দৰ্ভত শনিবাৰে কংগ্ৰেছে তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছে কয় যে মোডীজীয়ে এনেধৰণৰ প্ৰেমপত্ৰ লিখা বন্ধ কৰিব লাগে। দলটোৰ মুখ্য প্ৰবক্তা ৰণদীব সুজৰেৱালাই টুইটযোগে লিখিছে- '৫৬ ছাৰী-ছোল-পাক জন্মদিন যাত্ৰা-আইএছআইক পঠানকোটত মাতি পঠিওৱাৰ বাবে বিখ্যাত। কিন্তু এতিয়া স্বয়ং চকীদাৰে ইমৰান খানলৈ লিখা পত্ৰখনৰ বিষয়ে দেশবাসীক একো নজনালে। আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ বিষয়ে একো নকলে।'

তেওঁ লগতে লিখিছে- 'মিছা ৫৬ ইঞ্চিৰ বুকু, ৰঙাচকু দেখুওৱাটো সৰ্বসাধাৰণ আৰু সংবাদমাধ্যমৰ আগত নাটক। সুৰজেৱালাই প্ৰধানমন্ত্ৰী মোডীৰ এটা সাক্ষাৎকাৰৰ ভিডিঅ' শ্বেয়াৰ কৰি কয়- মোডীজী পাকিস্তানক এনেকৈ প্ৰেমপত্ৰ লিখা বন্ধ কৰক।

উল্লেখ্য যে, শুকুৰবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে জনাইছিল যে- প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁলৈ এক বাৰ্তা প্ৰেৰণ কৰিছিল। য'ত লিখা আছিল যে, 'মই পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱসৰ দিনটোত পাকিস্তানৰ জনতাক শুভেচ্ছা জ্ঞাপন কৰিছো।' লগতে প্ৰধানমন্ত্ৰী মোডীয়ে লিখিছিল যে- এয়া উপ-মহাদ্বীপৰ জনতাক সন্ত্ৰাসবাদ আৰু হিংসাৰ পৰা মুক্ত কৰাৰ লগতে গণতান্ত্ৰিক, শান্তিপূৰ্ণ, প্ৰগতিশীল আৰু এক সমৃদ্ধ ক্ষেত্ৰ হিচাপে নিৰ্মাণ কৰাৰ বাবে কাম কৰিব লাগে।