মুখ্য-পৃষ্ঠা

অ’ মই পাকিস্তানী, যি কৰিব পাৰা কৰাঃ জনসভাত কংগ্ৰেছ সাংসদৰ মন্তব্যই সৃষ্টি কৰিছে বিতৰ্কৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ সততে বিতৰ্কৰ আওতাত সোমাই পৰা কংগ্ৰেছ সংসদ অধীৰ ৰঞ্জন চৌধুৰীৰ আন এক বিতৰ্কিত মন্তব্যই এইবাৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণাত কংগ্ৰেছৰ এক জনসভা সম্বোধন কৰি ৰাজ্যখনৰ ৰাজ্যপাল জগদ্বীপ ধনখড়ক আক্ৰমণ কৰিবলৈ গৈ নিজকে পাকিস্তানী বুলি মন্তব্য কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।

প্ৰণিধানযোগ্য যে, পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখড়ে দুদিন পূৰ্বে ভাৰতত অতি প্ৰাচীন কালতেই মিছাইল আৰু আকাশী যানৰ ব্যৱহাৰ হৈছিল বুলি মন্তব্য কৰি কৈছিল যে ৰামায়ণী যুগতে ইয়াৰ ব্যৱহাৰ হৈছিল। পৰোক্ষভাৱে ৰামৰ অস্তিত্ব আৰু সেই কালত ভাৰতৰ পৰাক্ৰমৰ কথা ক'বলৈ গৈ আধুনিক কালৰ গৱেষণা আৰু উদ্ধাৱনী কাৰ্যক এক প্ৰকাৰ তেওঁ তাচ্ছিল্য কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ৰাজ্যপালৰ এই টিপ্পনীৰ পিছত জনসভাত সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে যিখন ৰাজ্যই সকলোতকৈ অধিক নবেল বঁটা বিজয়ীৰ জন্ম দিছে, সেইখন ৰাজ্যৰ ৰাজ্যপালে যদি এনে মন্তব্য কৰে, তেন্তে লোক বিশ্বাসৰ বিপৰীতে বিজ্ঞানৰ বাস্তৱ সন্মত গৱেষণাৰ প্ৰাসংগিকতাৰ প্ৰতিয়ে ভাবুকি আহিব।হিন্দু শাস্তৰ উদ্ধৃতিৰে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকলাপৰ গ্ৰহণযোগ্যতা সাব্যস্ত কৰিবলৈ গৈ এনে মন্তব্য কৰা ৰাজ্যপালগৰাকীক প্ৰত্যাহ্বান জনাই সভাত অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, 'অ' মই পাকিস্তানী। তোমালেকে যি কৰিব খোজা কৰিব পাৰা…।'

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কেইবাবাৰো বিতৰ্কিত মন্তব্য কৰি সমালোচিত হৈছে অধীৰ ৰঞ্জন চৌধুৰী। জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীক সহায় কৰাৰ অভিযোগত ডিএছপি দেবিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছতো বিতৰ্কিত মন্তব্য কৰি সমালোচিত হৈছিল এইগৰাকী কংগ্ৰেছ সাংসদ।