মুখ্য-পৃষ্ঠা

কিয় কংগ্ৰেছ নেতা, লেখক ছলমান খুৰ্ছিদৰ গৃহত দুৰ্বৃত্তই কৰিলে অগ্নি সংযোগ? শেহতীয়া গ্ৰন্থই মূল কাৰণ নেকি…

asomiyapratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদৰ ঘৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ। সোমবাৰে কংগ্ৰেছ নেতাগৰাকীৰ ঘৰ লণ্ডভণ্ড কৰাৰ উপৰিও অগ্নি সংযোগ কৰাৰ ঘটনা সংঘটিত হৈছে। অযোধ্যা আৰু ইয়াৰ কিছু অংশৰ ওপৰত কংগ্ৰেছ নেতা তথা লেখক ছলমান খুৰ্ছিদে তেওঁৰ গ্ৰন্থত বিতৰ্কিত উপস্থাপন কৰাৰ অভিযোগ তুলি এই দৰে তেওঁৰ ঘৰ লণ্ডভণ্ড কৰাৰ উপৰিও অগ্নি সংযোগ কৰা হৈছে। এই বিষয়ে ছলমান খুৰ্ছিদে নিজেই তেওঁৰ ফেচবুকউ ফটো আপলোড কৰিছে।

নিজৰ ঘৰ লণ্ডভণ্ড কৰা আৰু অগ্নি সংযোগ কৰাৰ ফটো শ্বেয়াৰ কৰিছে। উল্লেখ্য যে ছলমান খুৰ্ছিদে হিন্দুত্বক উগ্ৰ ইছলামী গোটৰ সৈতে তুলনা কৰিছিল। খুৰ্ছিদৰ ঘৰত অগ্নি সংযোগ কৰাৰ পিছত স্থানীয় একাংশ লোকে এই অগ্নি নিৰ্বাপন কৰে। ইয়াৰ পিছতে খুৰ্ছিদে পুনৰ প্ৰশ্ন উত্থাপন কৰিছে যে মই এতিয়াও এইটো কোৱাটো ভুল হ'বনেকি এয়া হিন্দুত্ব হ'ব নোৱাৰে?

উল্লেখ্য যে ছলমান খুৰ্ছিদে তেওঁৰ নতুন গ্ৰন্থ 'চানৰাইজ অৱ অযোধ্যা' প্ৰকাশ কৰাৰ পিছৰে পৰা কট্টৰ হিন্দুত্বাবাদীসকলৰ লক্ষ্য হৈ পৰিছে। এই কিতাপখনৰ এটা অংশত কোৱা হৈছে, "সাধু আৰু মহাত্মাসকলৰ বাবে বিখ্যাত সনাতন ধৰ্ম আৰু হিন্দু ধৰ্মক হিন্দুত্বৰ নতুন শক্তিশালী গোটে পিছুৱাই দিছে, সকলোবোৰ একে ৰাজনৈতিক আদৰ্শৰ আইএছআইএছ আৰু বকো হাৰামৰ দৰে জেহাদী ইছলামিক গোটৰ সৈতে মিল খায়।"

বিজেপিয়ে ছলমান খুৰ্ছিদক এই বিষয়ত সমালোচনা কৰিছে। দলটোৰ ফালৰ পৰা কৈছে যে খুৰ্ছিদৰ মন্তব্যই হিন্দু ধৰ্মৰ আৱেগক আঘাত কৰিছে আৰু অভিযোগ কৰিছে যে কংগ্ৰেছে মুছলমান ভোট পাবলৈ সাম্প্ৰদায়িক ৰাজনীতিত লিপ্ত হৈছে। ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে ছলমান খুৰ্ছিদক সমৰ্থন কৰি কয় যে, তেওঁ হিন্দু ধৰ্ম আৰু হিন্দুত্বৰ মাজৰ প্ৰাৰ্থক্য দাঙিবলৈ সেইদৰে কৈছে।

বিজেপিয়ে ৰাহুল গান্ধীৰ এই মন্তব্যক উভতি ধৰি কৈছে যে কংগ্ৰেছ দলে সদায় হিন্দু ধৰ্মক ঘৃণা কৰি আহিছে। অৱশ্যে, কংগ্ৰেছ নেতা গুলাম নবী আজাদেও খুৰ্ছিদক সমালোচনা কৰি কয় যে হিন্দুত্বৰ অতিৰঞ্জিত তুলনা কৰা হৈছে। আমি হিন্দুত্বক ৰাজনৈতিক আদৰ্শ হিচাপে গ্ৰহণ কৰিব নোৱাৰো, কিন্তু ইয়াক আই এছ আই এছ আৰু জেহাদী ইছলামৰ সৈতে তুলনা কৰাটো সম্পূৰ্ণভুল, আজাদে কয়।