মুখ্য-পৃষ্ঠা

খং সামৰি শচীন পাইলটে ক’লেঃ মুখ্যমন্ত্ৰীৰ গাদী দখল কৰিবলৈ এনে কৰা নাছিলো…

asomiyapratidin

ডিজিটেল ডেস্কঃ খং সামৰি সোমবাৰে শচীন পাইলটে সাক্ষাত কৰে ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধীক। নিজৰ সকলো অসন্তুষ্টি পাহৰি মনৰ সকলো খোদ হাইকামাণ্ডক ব্যক্ত কৰিলে শচীন পাইলটে। কংগ্ৰেছ হাইকামাণ্ডে শচীন পাইলটক আশ্বস্ত কৰে যে, আগন্তুক সময়ত তেওঁৰ অভিযোগ গুৰুত্বসহকাৰে বিবেচনা কৰিব।

শীৰ্ষ নেতৃত্বৰ সৈতে বাৰ্তালাপৰ পাছত শচীন পাইলটে ৰাষ্ট্ৰীয় এক সংবাদ মাধ্যমৰ সাক্ষাতত কয়, ডেৰ বছৰ কাল ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু মই নিজে উপ মুখ্যমন্ত্ৰীৰ পদত আছিলো। মই জানো কি ধৰণে আমি ৰণনীতি প্ৰস্তুত কৰিছিলো। এই নীতিক অনুসৰণ কৰি কাম নকৰাৰ বাবেই মই বিৰোধিতা কৰিছিলো। মুখ্যমন্ত্ৰী পদৰ বাবে মই বিৰোধিতা কৰি এনে কৰা নাছিলো।