মুখ্য-পৃষ্ঠা

অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে ৰাহুল গান্ধীৰ গুৰুত্বপূৰ্ণ বৈঠক…

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ গুৰুত্বপূৰ্ণ বৈঠক। ভাৰ্চুৱেল ভাৱে এই বৈঠক অনুষ্ঠিত হব। আগন্তুক নিৰ্বাচনৰ লগতে প্ৰদেশ কংগ্ৰেছৰ বহু কেইটা বিষয় আলোচনা কৰা হব এই বৈঠকত। এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি, বিৰোধী দলপতিৰ লগতে অন্যান্য নেতাসকলেও অংশ লব। উল্লেখ্যে যে, তৰুণ গগৈৰ বিয়োগৰ পাছত প্ৰদেশৰ কংগ্ৰেছৰ সৈতে ৰাহুল গান্ধীৰ এইখন প্ৰথমখন সভা। এই বৈঠকত তিতাবৰ সমষ্টিক লৈও আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।