মুখ্য-পৃষ্ঠা

থকা-সৰকা কৰিব পি চিদাম্বৰমক! চি বি আইয়ে সাজু কৰিছে ১০০ ৰো অধিক প্ৰশ্ন…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৩০৫ কোটি আই এন এক্স মিডিয়া কেলেংকাৰী গোচৰত বুধবাৰে গ্ৰেপ্তাৰ হোৱা দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী পি চিদাম্বৰমৰক বৃহস্পতি বাৰে হাজিৰ কৰোৱা হব চি বি আইৰ বিশেষ আদালতত। দিনৰ ২ বজাত অজয় কুমাৰৰ বিশেষ আদালতত হাজিৰ কৰোৱা হব চিদাম্বৰমক। খবৰ অনুসৰি চিদাম্বৰমক প্ৰায় ১৪ দিনৰ ৰিমাণ্ডৰ দাবী কৰিব চি বি আইয়ে। ইফালে চি বি আইয়ে পূৰ্বৰে পৰা অভিযাগ কৰি আহিছে যে গোচৰৰ সন্দৰ্ভত তেওলোকক সহযোগ কৰা নাই পি চিদাম্বৰমে।

দিনৰ ২ বজাত বিশেষ আদালতত হাজিৰ কৰোৱাৰ পাছতে চিদাম্বৰনক সুধিবলৈ চি বি আইয়ে সাজু কৰি ৰাখিছে ১০০ ৰো অধিক প্ৰশ্ন। ইয়াৰ লগতে চিদাম্বৰমে পূৰ্বতে দিয়া প্ৰশ্নৰ উত্তৰৰ এক ডকুমেন্টীয়ো প্ৰস্তুত কৰি ৰাখিছে চি বি আইয়ে। খবৰ আহিছে যে পি চিদাম্বৰম যাতে আইনী সুৰুঙাৰে জামিন লাভ কৰিব নোৱাৰে তাৰো ব্যৱস্থা কৰিছে চি বি আইয়ে।