মুখ্য-পৃষ্ঠা

কাশ্মীৰত শ্বহীদ হোৱা ৪৪ জোৱানলৈ অভূতপূৰ্ব শ্ৰদ্ধাঞ্জলী মহানগৰীত

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ৪৪ জন চি আৰ পি এফ জোৱানক লৈ এক আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো। সন্ধিয়াৰ মমবাতি জ্বলাই শ্বহীদ জোৱানসকলৰ শ্ৰদ্ধাঞ্জলী জনায় মহানগৰবাসীয়ে। মহানগৰীৰ ফতাশিলতো শনিবাৰে সন্ধিয়া স্থানীয় যুৱক সকলে হাতে হাতে মম লৈ এক প্ৰতিবাদী সমদল উলিয়ায়।

পাকিস্তান গ' বেক ধ্বনি দি, দেশ প্ৰেমমূলক গীত বজাই প্ৰতিবাদকাৰীসকলে শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ লগতে পাকিস্তানৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।