মুখ্য-পৃষ্ঠা

পথ দু্ৰ্ঘটনাত নিহতৰ আত্মীয়লৈ ৫ লাখ, আহত সকলে পাব ২.৫ লাখ টকা!…

asomiyapratidin

ডিজিটেল ডেস্কঃকেন্দ্ৰীয় চৰকাৰে লোকসভাত দাখিল কৰিছে এখন নতুন বিল। এই বিলৰ জৰিয়তে পথ দুৰ্ঘটনাত নিহতৰ আত্মীয়ই ৫ লাখ টকা আৰু আহত সকলে লাভ কৰিব ২.৫ লাখ টকাৰ সাহাৰ্য্য।

পৰিবহন মন্ত্ৰী নীতি গাডকাৰীয়ে লোকসভাত দাখিল কৰা এই বিল খন হৈছে Motor Vehicles (Amendment) Bill, 2019। এই বিলখন সংসদত অনুমোদন লাভ কৰাৰ পাছতেই পথ দুৰ্ঘটনাত নিহত সকলে ৫ লাখ টকাৰ সাহাৰ্য্য লাভ কৰিব।

নীতিন গাডকাৰীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি এই বিলখনত পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰত বহু কেইটা নতুন নিয়ম অন্তভুক্ত কৰা হৈছে। বহু নিয়ম অধিক শিথিল কৰা হৈছে বুলিও জনায় পৰিবহন মন্ত্ৰী গৰাকীয়ে।