মুখ্য-পৃষ্ঠা

ভিতৰত নহয়, বাছৰ ওপৰত উঠি যায় কলেজলৈ, তাৰ পাছৰখিনি চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে চেন্নাই চহৰৰ এটা বিশেষ ভিডিঅ। এদল শিক্ষাৰ্থীয়ে বাছৰ ওপৰত উঠি গৈছে মহাবিদ্যালয়লৈ। কেৱল উঠি যোৱাই নহয়, বাছৰ ওপৰত থিয় হৈ নৃত্য-গীতত মচগুল হৈছে শিক্ষাৰ্থীসকল। এনেতে গাড়ীচালকে বাছখনৰ ব্ৰেক মৰাত সকলো শিক্ষাৰ্থী বাছৰ পৰা যেনি-তেনি সৰি পৰিল। প্ৰাপ্তখবৰ অনুসৰি, বাহনখনৰ কতৃপৰ্ক্ষই শিক্ষাৰ্থীসকলক উঠিবলৈ বাধা প্ৰদান কৰিছিল যদিও শিক্ষাৰ্থী সকলে বাছত উঠিয়ে কলেজলৈ ৰাওনা হয়। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ২৪ জন শিক্ষাৰ্থীক আটক কৰিছে।

সেই ভিডিঅটো-