বৰপেটাত সৰ্বাধিক সত্ৰৰ মাটি বেদখল ! নগাওঁ আৰু লখিমপুৰো  আছে তালিকাৰ শীৰ্ষত
বৰপেটাত সৰ্বাধিক সত্ৰৰ মাটি বেদখল ! নগাওঁ আৰু লখিমপুৰো আছে তালিকাৰ শীৰ্ষত 
মুখ্য-পৃষ্ঠা

বৰপেটাত সৰ্বাধিক সত্ৰৰ মাটি বেদখল ! নগাওঁ আৰু লখিমপুৰো আছে তালিকাৰ শীৰ্ষত...

Asomiya Pratidin

ডিজিটেল ডেস্ক : শুকুৰবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসম চৰকাৰৰ সত্র আয়োগৰ অন্তৱৰ্তীকালীন প্রতিবেদন দাখিল কৰে আয়োগৰ অধ্যক্ষ প্রদীপ হাজৰিকাই। অসমৰ বিভিন্ন স্থানত স্থাপিত সত্ৰসমূহৰ ভূমি বেদখল সন্দৰ্ভত গঠন কৰা হৈছিল সত্ৰ আয়োগ। সেই আয়োগৰ অধ্যক্ষ হিচাপে আছিল আমুগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকা আৰু সদস্য হিচাপে আছিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।

এই আয়োগে অসমৰ সত্ৰসমূহ ভ্ৰমণ কৰি আৰু বিভিন্ন দিশ আলোচনা-পৰ্যালোচনা কৰি সুদীৰ্ঘ সময়ৰ অন্তত আজি তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে। দিছপুৰস্থিত মুখ্যমন্ত্রীৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ২০০ৰো অধিক পৃষ্ঠাজোৰা প্রতিবেদনখন দাখিল কৰিলে অধ্যক্ষ প্রদীপ হাজৰিকাই।

উল্লেখ্য যে, সত্ৰ আয়োগে অসমৰ ১১ খন জিলাৰ ৩০৩ খন সত্রৰ ক্ষেত্রভিত্তিক প্রতিবেদন দাখিল কৰে। সেই অনুসৰি ৩০৩ খন সত্রৰ ৭,৪০৫ বিঘা ভূমি বেদখল কৰাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

প্ৰতিবেদনত উল্লখিত তথ্য অনুসৰি সত্ৰৰ ভূমি সৰ্বাধিক বেদখল হৈছে বৰপেটা জিলাত। ভূমি বেদখলত লখিমপুৰ আৰু নগাঁও দ্বিতীয় আৰু তৃতীয় স্থানত আছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

অৱশ্যে এই আয়োগৰ প্ৰতিবেদন সম্পূৰ্ণকৈ গ্ৰহণ কৰা নহ'ব। প্রতিবেদনৰ সত্যতা পুনৰ চৰকাৰীভাৱে পৰীক্ষা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছে।

তেওঁ প্রথমবাৰৰ বাবে সত্রৰ ভূমি বেদখলক লৈ চৰকাৰৰ প্রচেষ্টা হাতত লোৱাৰ কথা উল্লেখ কৰে। আনহাতে প্রতিবেদন দাখিল কৰি আয়োগৰ অধ্যক্ষ প্রদীপ হাজৰিকাই মন্তব্য কৰে যে, কথাবোৰ আমি ভাবি থকাৰ দৰে নহয়। সত্রক ভূমি মহাৰাজ চিলাৰায় আৰু আহোম স্বৰ্গদেউসকলে দিছিল। সেই মাটিবোৰ বিক্রী কৰিব নোৱৰাৰ চৰ্ত বান্ধি দিছিল। তেওঁ সত্রৰ মাটি বেদখল প্রক্রিয়া সম্পূৰ্ণ পৃথক হ'ব বুলিও মন্তব্য কৰিছে।