মুখ্য-পৃষ্ঠা

ডেংগুৰ পৰা বাচিবলৈ মুখ্যমন্ত্ৰী কেজৰিৱালৰ অদ্ভূত পন্থা- ‘১০ জন বন্ধুক ফোন কৰক, আৰু….’

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীত বৃহৎ হাৰত বৃদ্ধি পোৱা ডেংগু আক্ৰান্ত ৰোগীৰ সংখ্যাক লৈ চিন্তিত হৈ পৰিছে চৰকাৰো। সেই বাবে ডেংগু প্ৰতিৰোধৰ বাবে এক নতুন ব্যৱস্থা হাতত লৈছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দেওবাৰে টুইটযোহে অৰবিন্দ কেজৰিৱালে দিল্লীবাসীক আহ্বান জনায় যে তেওঁলোকৰ কমেও ১০ জন বন্ধুক ফোন কৰক আৰু নিজ নিজ বাসগৃহত ডেংগুৰ বীজানু আছে নেকি সেয়া নিৰীক্ষণ কৰিবলৈ কওঁক।

মুখ্যমন্ত্ৰী কেজৰিৱালে '১০ সপ্তাহ ১০ বজাত ১০ মিনিট' অভিযানৰ জৰিয়তে জনতাক আহ্বান জনাই টুইটত লিখিছে- 'আজি ১০ মিনিট পৰ্যন্ত মই মোৰ ঘৰ নিৰীক্ষণ কৰাৰ পিছত মোৰ ১০ গৰাকী বন্ধুক ফোন কৰি তেওঁলোককো সেয়া কৰিবলৈ অনুপ্ৰাণিত কৰিলো। এইবাৰ আমি ডেংগুক প্ৰতিৰোধ কৰিবই লাগিব।' মুখ্যমন্ত্ৰী কেজৰিৱালে হোৱাটছএপতো ডেংগুৰ বিৰুদ্ধে অভিযান চলাই এই বাৰ্তা প্ৰেৰণ কৰিবলৈ সকলোকে আহ্বান জনায়।

উল্লেখ্য যে, চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰ পৰ্যন্ত দিল্লীৰ বিভিন্ন প্ৰান্তত ডেংগু আক্ৰান্ত ১২২ টা ঘটনা পোহৰলৈ আহিছে। ইয়াৰে ৩০টা ঘটনাই সংঘটিত হৈছে চলিত মাহত। আগষ্ট মাহত ৫২ জনৰ গাত ধৰা পৰিছিল ডেংগুৰ বীজানু। আনহাতে দক্ষিণ দিল্লী নগৰ নিগমৰ তথ্য অনুসৰি বিগত বৰ্ষত ৰাজ্যখনত ২,৭৯৮ জন ডেংগু ৰোগত আক্ৰান্ত হৈছিল।