মুখ্য-পৃষ্ঠা

শচীন পাইলট বৰ্তমান বিজেপিত! সংবাদ মাধ্যমক জনালে কংগ্ৰেছৰ সাধাৰণ সম্পাদকে, VIDEO…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানত ৰাজনৈতিক পৰিৱেশ বৰ্তমান ধুৱলি-কুৱলী। কোনফালে বতাহ বলিছে সেই প্ৰশ্নৰ সঠিক উত্তৰ বৰ্তমান কাৰোৰে হাতত নাই। চৰ্চা চলি আছে যে, তিনিমাহৰ পূৰ্বে বন্ধি জ্যোতিৰাদিত্য সিন্ধিয়াই যি পথ অনুকৰণ কৰি কংগ্ৰেছ ত্যাগ কৰিছিল, সেই একে পথৰেই গতি কৰিছে তেওঁৰ বন্ধু শচীন পাইলট।

এনে চৰ্চা চলি থকাৰ সময়তে সাংবাদিকৰ সন্মুখত ৰাজস্থানৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে স্পষ্ট কৰি দিলে যে, বৰ্তমান শচীন পাইলট বিজেপিৰে সদস্য। লগে লগে সকলোফালে লাগিল হাহাকাৰ। কেনেকৈ ৰাতিটোৰ ভিতৰতে সম্পন্ন হ'ল নতুন দলত সদস্য ভৰ্তিৰ প্ৰক্ৰিয়া।

কিন্তু তাৰ পাছতে পোহৰলৈ আহিল আঁচল কথাটো। আচলতে সাংবাদিকৰ আগত ভুলতে কংগ্ৰেছৰ সলনি সাধাৰণ সম্পাদকজনে উচ্চাৰণ কৰিলে বিজেপি বুলি। তেওঁ সাংবাদিকক কব বিচাৰিছিল যে, শচীন পাইলট বৰ্তমান কংগ্ৰেছতে আছে। কিন্তু কংগ্ৰেছৰ সলনি তেওঁৰ মুখত ওলাল বিজেপি বুলি।

এই ভুলৰ কথা শেহতীয়াকৈ সাধাৰণ সম্পাদক পি এল পুনিয়াই টুইটাৰ যোগে সদৰি কলে, জিভা পিছল খোৱাৰ বাবে এই ভুল হল। এই ভুল মাৰ্জনা কৰিব।' তেওঁৰ সেই ভিডিঅ'টো-