মুখ্য-পৃষ্ঠা

দূৰ্গা পূজাৰ আনন্দৰ মাজতে বৰাকত অঘটন…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ সপ্তমীৰ নিশা শিলচৰত সংঘটিত হল এক বিধ্বংসী অগ্নিকাণ্ড।শিলচৰৰ চহৰৰ হাস্পতাল ৰোডত সংঘটিত হয় ভয়ংকৰ এই অগ্নিকাণ্ড৷ জানিব পৰা মতে, নিশা আনুমানিক ৩ বজাত এটা ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ যাৰ ফলত অঞ্চলটোৰ ৮ খন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৪ টা বাসগৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷ কেইবা কৌটি টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হয়। জুইত ব্যৱসায় প্ৰতিষ্ঠান বোৰৰ সা সামগ্ৰী সম্পূৰ্ণ ৰূপে জাহ যোৱাত ব্যৱসায়ী সকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ৷পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনির্বাপক বাহিনীৰ ১০ খন বাহন উপস্থিত হৈ কেইবা ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্ততত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অগ্নিনির্বাপক বাহিনীৰ দলটো৷