BIG DAM
BIG DAM  
মুখ্য-পৃষ্ঠা

বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য শীঘ্ৰেই বন্ধ নকৰিলে গণ সংগ্ৰামৰ হুংকাৰ চুতীয়া যুৱ সন্মিলনৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশেষজ্ঞৰ কমিটীৰ প্ৰতিবেদন আএকান কৰি জনসাধাৰণৰ জীৱন-জীৱিকাৰ দিশটোক সমপূৰ্ণৰূপে গুৰুত্ব নিদিয়াকৈ নিৰ্মাণ কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কিমান ভয়ংকৰ সেই কথা ইতিমধ্যে প্ৰকল্পটোত সংঘটিত হোৱা ঘটনা প্ৰবাহে প্ৰমাণ কৰিছে। সেয়েহে এই বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম শীঘ্ৰেই বন্ধ নকৰিলে চুতীয়া যুৱ সন্মিলনে ৰাইজৰ সহযোগত বৃহৎ আন্দোলন গঢ়ি তুলিব বুলি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে।

নামনি সোৱণশিৰিৰ ঠুনুকা শিল-বালিৰে গঠিত পাহাৰত বৃহৎ নদীবান্ধ সম্ভৱ নহয় বুলি অসমৰ স্বনামধন্য তিনিজন বিশেষজ্ঞই অসম তথা কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিয়াৰ পিছতো ৰহস্যজনক কাৰণত সেই প্ৰতিবেদন নস্যাত কৰি বৰ্তমান গেৰুকামুখত মবৃহৎ জলবোমা এন এইছ পি চিৰ দ্বাৰা নিৰ্মাণ কৰি থকা হৈছে। এজাক বৰষুণতে তচনচ হোৱা জলবোমাটো নিৰ্মাণ হোৱাৰ পাছত নামনি অঞ্চলৰ জনসাধাৰণৰ বাবে কিমান বিপদজনক হ'ব সেয়া সাধাৰণ মানুহেই উপলব্ধি কৰি ভয়-শংকাত জীৱন অতিবাহিত কৰিছে।

কিন্তু দিল্লী আৰু দিছপুৰৰ চৰকাৰে নুবুজে আৰু বুজিও নুবুজাৰ ভাও ধৰে। কাৰণ চৰকাৰক অৰ্থ লাগে আৰু জনসাধাৰণক নিৰাপত্তা লাগে। জনসাধাৰণৰ জীৱন-জীৱিকা আৰু নিৰাপত্তাৰ কথা চিন্তা কৰিবলৈ চৰকাৰৰ সময় নাই।

জনসাধাৰণৰ নিৰাপত্তাৰ খাতিৰত যদি শীঘ্ৰে বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম চৰকাৰে বন্ধ নকৰে তেন্তে চুতীয়া যুৱ সন্মিলন, অসমে ৰাইজৰ সহযোগত বৃহৎ আন্দোলন কৰিবলৈ বাধ্য হব। বিজুলী সকলোকে লাগে সেইবুলি বৃহৎ নদীবান্ধ বা বৃহৎ জলবোমা কাৰো কাম্য নহয়। সৰু নদীবান্ধ নিৰ্মাণ কৰাত নিশ্চয় আপত্তি কৰিব লগা নাই।