মুখ্য-পৃষ্ঠা

কোৰোনাৰ উৎপত্তিৰ কথা ৰাজহুৱা নকৰিবলৈ চীনৰ বৈজ্ঞানিকক দিয়া হৈছিল ভাবুকি…

asomiyapratidin

ডিজিটেল ডেস্কঃ কমা নাই বিশ্বত কোৰোনাৰ সন্ত্ৰাস। কোৰোনা প্ৰকোপত আজি বিশ্ব বিধ্বস্ত। চীনৰ পৰা এই মাৰাত্মক ভাইৰাছবিধ উদ্ভৱ হৈছে বুলি বহু দেশে আশাংকা কৰি থকাৰ সময়তে এইবাৰ চীনৰ এগৰাকী মহিলা বৈজ্ঞানিকে নিজেই স্বীকাৰ কৰিলে যে, এই কোৰোনা ভাইৰাছ প্ৰথম পৰ্যায়ত পৰীক্ষণ কৰা হৈছিল চীনৰ লেবত।

চীনা বৈজ্ঞানিক ডাঃ লী মেঙ্গে শেহতীয়াকৈ 'লুজ বুমন' নামৰ এটা টক শ্ব'ত স্পষ্টকৈ উল্লেখ কৰিছে যে, ৱুহানৰ এটা চৰকাৰী লেবত প্ৰথমে এবিধ বিশেষ ভাইৰাছ পৰীক্ষণ কৰা হৈছিল। এই ভাইৰাছ বিধ দ্ৰুতগতিত মানুহৰ দেহলৈ সংক্ৰমিত হোৱা বুলি তেওঁ জানিব পাৰিছিল। আৰু এই কথা চীনৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ সৈতে আলোচনাও কৰিছিল।

এই আলোচনাৰ পাছতে ইউটিউবাৰ জনে এই বিষয়ৰ সন্দৰ্ভত চীনা ভাষাতে এটা ভিডিঅও প্ৰস্তুত কৰিছিল। কিন্তু চীনা প্ৰশাসনে এই দিশত বিশেষ গুৰুত্ব দিয়াৰ পৰিৱৰ্তে গাপ দিয়াৰহে চেষ্টা চলালে। চীনা বৈজ্ঞানিকগৰাকীয়ে লগতে টক শ্ব'টোত সেই সময়ত প্ৰকাশিত বহুকেইটা খবৰো প্ৰমাণ হিচাপে দাখিল কৰে।

বৈজ্ঞানিকগৰাকীয়ে লগতে কয়, ২০১৯চনৰ ডিচেম্বৰ আৰু ২০২০ৰ জানুৱাৰী মাহৰ মাজভাগত কোৰোনা ভাইৰাছক লৈ পৰীক্ষণ হৈছিল। আৰু তাৰ পাছতে এই ভাইৰাছ লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পি পৰে। সেই সময়ত প্ৰাণৰ শংকাত ভুগা বুলি উল্লেখ কৰি বৈজ্ঞানিকগৰাকীয়ে কয়, মোক সকলো কথা ৰাজহুৱা নকৰিবলৈ ভাবুকি প্ৰদান কৰাৰ লগতে উঠাই নিয়া হব বুলিও কোৱা হৈছিল।