মুখ্য-পৃষ্ঠা

কোভিডৰ বাবে বাতিল অসমৰ প্ৰথমখন শিশু গ্ৰন্থ মেলা…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰি: কোভিড-১৯য়ে এইবাৰ প্ৰভাৱ পেলাব পাৰে গ্ৰন্থৰ উৎসৱ গ্ৰন্থমেলাসমূহত ।ইতিমধ্যে কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে অসমৰ প্ৰথমখন শাৰদীয় শিশু গ্ৰন্থ মেলা ।১৯৯৬ চনৰ পৰায়ে  পূজাৰ বতৰত আপোনাৰ সন্তানক "পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক" বাণীৰে ঐতিহাসিক নগাঁৱৰ পুৰণিগুদামৰ কাঠৰ দুৰ্গা প্ৰতিমাৰ পূজাস্থলীৰ নিচেই কাষতে অনুষ্ঠিত হৈ আহিছিল শাৰদীয় শিশু গ্ৰন্থ মেলা খন ।

পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হৈ অহা গ্ৰন্থ মেলাখনে এইবাৰ ভৰি দিলে ৰূপালী জয়ন্তী বৰ্ষত। কিন্তু পূৰ্বৰ বৰ্ষ সমূহৰ দৰে এইবাৰ অনুষ্ঠিত নহ'ব গ্ৰন্থমেলাখন । ইতিমধ্যে ক'ৰোণা মহামাৰীৰ ভয়াৱহতাৰ বাবে এইবাৰ পুৰণিগুদাম প্ৰেছ ক্লাৱে বাতিল কৰিছে সকলো শিশু উপযোগী অনুষ্ঠান।

মাথোঁ দুৰ্গা পূজাৰ সপ্তমী দিনা ২৫খন পতাকা উত্তোলনেৰে আৰম্ভ কৰিব ৰূপালী জয়ন্তীৰ বছৰ যোৰা কাৰ্যসূচী ।উল্লেখ্য যে পূজাৰ বতৰত অনুষ্ঠিত এইখন শিশু গ্ৰন্থ মেলা প্ৰতিবছৰে অসমৰ বিভিন্ন প্ৰান্তৰ শ শ শিশুৰ কলবৰেৰে মুখৰিত হৈ আহিছিল কিন্তু পুৰণিগুদামত এইবাৰ পূজাৰ বতৰত অসমবাসী ৰাইজে দেখা নাপাব এই বিশেষ পৰিৱেশ ।