মুখ্য-পৃষ্ঠা

১৪ বয়সতে দুৰ্ঘটনাত মৃত্যু ‘চচুৰাল চিমৰ কা’, ‘সংকটমোচক হনুমান’ ধাৰাবাহিকৰ অভিনেতা শিৱলেখৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ১৪ বছৰ বয়সতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশু অভিনেতা শিৱলেখ সিঙে। 'সংকটমোচক হনুমান' আৰু 'চচুৰাল চিমৰ কা'ৰ দৰে জনপ্ৰিয় টিভি ধাৰাবাহিকত অভিনয় কৰা শিৱলেখ সিঙৰ ছত্তীশগড়ৰ ৰায়পুৰ জিলাত ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত দুৰ্ঘটনাত মৃত্যু ঘটে। ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় অভিনেতাজনৰ পিতৃ শিৱেন্দ্ৰ সিং, মাতৃ লেখনা সিং আৰু নবীন সিং নামৰ আন এজন ব্যক্তি।

জানিব পৰা মতে, শিৱলেখ সিঙে পিতৃ-মাতৃৰ সৈতে এখন বাহনেৰে বিলাসপুৰৰ পৰা ৰায়পুৰৰ এক সাক্ষাৎকাৰ অনুষ্ঠানলৈ গৈ থকাৰ পথতে দুৰ্ঘটনাত পতিত হয়। আৰক্ষীয়ে সদৰি কৰা মতে, বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে শিৱলেখ সিঙে পৰিয়ালসহ যাত্ৰা কৰা বাহনখনত খুন্দা মৰাত থিতাতে নিহত হয় অভিনেতাজন। ইফালে, আহত পৰিয়ালটোৰ আন কেইজনক সদস্যক স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ সমীপৰ চিকিৎসালয়ক ভৰ্তি কৰে।

উল্লেখ্য যে, ছত্তীশগড়ৰ জাঞ্জগীৰ-চম্পা জিলাৰ নিৱাসী শিৱলেখ সিঙৰ পৰিয়ালে বিগত ১০ বছৰ ধৰি মুম্বাইত বাস কৰি আহিছে। কিছুদিন পূৰ্বে শিৱলেখ সিঙে পৰিয়ালৰ সৈতে ছত্তীশগড়ৰ এক সাংবাদিক সাক্ষাৎকাৰত অংশ লোৱাৰ বাবে আহিছিল।