মুখ্য-পৃষ্ঠা

চীফ অৱ ডিফেন্স ষ্টাফঃ ভাৰতীয় সেনাত কিয় এই পদ?

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ প্ৰথমগৰাকী চীফ অৱ দ্য ডিফেন্স ষ্টাফ চমুকৈ চিডিএছ ৰূপে ৩১ ডিচেম্বৰত নিযুক্তি লাভ কৰিলে জেনেৰেল বিপিন ৰাৱটে। এই পদ হ'ল ভাৰতীয় সেনাৰ তিনিওটা বাহিনী ক্ৰমে স্থল, নৌ আৰু বায় সেনাৰ শীৰ্ষতম পদ।

ভাৰত চৰকাৰক পৰামৰ্শ প্ৰদানৰ বাবে সেনা বাহিনীৰ এই শীৰ্ষতম পদ সৃষ্টি কৰাৰ প্ৰথম পৰামৰ্শ দিছিল কাৰ্গিল ৰিভিউ কমিটীয়ে। ১৯৯৯চনত ভাৰত-পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধৰ পাছত এই যুদ্ধক লৈ আৰু ভাৰতীয় সেনাৰ সন্দৰ্ভত প্ৰস্তুত কৰা বিশেষজ্ঞৰ প্ৰতিবেদনে তেনে এটা পদৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছিল।

দীৰ্ঘসময় ধৰি সেই প্ৰতিবেদনৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা নাছিল। কাৰ্গিল ৰিভিউ কমিটীয়ে এনে এক পৰামৰ্শ দিয়াৰ কথা প্ৰথম ৰাজহুৱা ভাৱে ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

২০১৯ৰ ১৫ আগষ্টত লালকিল্লাত দিয়া ভাষণত এই পদ সৃষ্টিৰ কথা তেওঁ ৰাজহুৱাভাৱে ঘোষণা কৰে। পৰ্যায়ক্ৰমে ২০১৯ৰ ২৪ ডিচেম্বৰত কেবিনেট কমিটী অন ছিকিউৰিটীয়েও এই পদ সৃষ্টি আৰু ইয়াত এগৰাকী জ্যেষ্ঠ সেনা বিষয়াক নিযুক্তি দিয়াৰ বাবে অনুমোদন জনায়।

ফৰ ষ্টাৰ জেনেৰেল গৰাকী হ'ব এতিয়াৰ পৰা তিনিওটা সেনা বাহিনীৰ মুৰব্বীসকলৰো শীৰ্ষ বিষয়া। সেনা সন্দৰ্ভত অন্তিম সিদ্ধান্ত ল'ব পৰা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰক্ষা কৰিব এই বিষয়াগৰাকীয়ে।

৩১ ডিচেম্বৰ, ২০১৯ত প্ৰথম গৰাকী চীফ অৱ দ্য ডিফেন্স ষ্টাফ ৰূপে নিযুক্তি লাভ কৰা বিপিন ৰাৱাট ২০২২চনলৈ এই পদবীত থাকিব। এই পদবীত কোনো এজন সেনা বিষয়া সৰ্বোচ্চ ৬৫বছৰ বয়সলৈকে কাৰ্যনিৰ্বাহ কৰিব পাৰিব। চীফ অৱ ডিফেন্স ষ্টাফ হ'ব ভাৰত চৰকাৰৰ মুল সামৰিক পৰামৰ্শদাতা।