মুখ্য-পৃষ্ঠা

ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ সন্থাৰ বৃহৎ জয়…

asomiyapratidin

ডিজিটেল সংবাদ,ছমৰীয়াঃ দক্ষিন কামৰূপ জিলাৰ এখন আগশাৰীৰ অগ্ৰনী শিক্ষানুষ্ঠান ছয়গাঁও মহাবিদ্যালয়ৰ শনিবাৰে অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ ২০২১-২২ বৰ্ষৰ নিৰ্বাচনত ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী ৮ গৰাকী জয়ী হবলৈ সক্ষম হয়।

উল্লেখ্য যে,প্ৰাপ্ত তথ্য অনুসৰি ছয়গাঁও মহাবিদ্যালয়ৰ শনিবাৰে সামৰণি পৰা ২০২১-২২ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ সন্থাৰ সমৰ্থন আগবঢ়োৱা ১১ গৰাকী প্ৰাৰ্থীৰ ৮ গৰাকীয়ে বৃহৎ জয় সাব্যস্ত কৰে।উল্লেখ্য যে ছয়গাঁও মহাবিদ্যালয়ৰ ২১-২২ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ পদত হিৰকজ্যোতি শালৈ,সাংস্কৃতিক বিভাগৰ সম্পাদক পদত ধাত্ৰী দাস,সাহিত্য আৰু আলোচনী বিভাগৰ সম্পাদক পদত নিবেদীতা দাস,খেল বিভাগৰ সম্পাদক পদত অনুপম দাস,তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদক পদত মৃণ্ময় মেধি,সমাজ সেৱা বিভাগৰ পদত প্ৰিয়ংকা ঠাকুৰীয়া,ছাত্ৰ জিৰণী কোঠাৰ সম্পাদক পদত মিঠুন দাস আৰু ছাত্ৰী জিৰণী কোঠাৰ সম্পাদিকা পদত জোনমণি দাস জয়ী হবলৈ সক্ষম হয়।

ইফালে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থী সকলক ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই মহাবিদ্যালয়ৰ পৰা বিশাল ৰেলীৰে আদৰি আনি ছয়গাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত উষ্ম আদৰনি জনাই আৰু অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আৰু একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।