মুখ্য-পৃষ্ঠা

চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ২৬ আগষ্টলৈ চিবিআইৰ জিম্মাত থাকিব প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰাম। চিবিআই বিশেষ আদালতে চিবিআইয়ে দিয়া আৱেদনৰ অনুমতি জনোৱাৰ পাছত চিদাম্বৰামক জিম্মাত লোৱা হয়। চিবিআইয়ে চিদাম্বৰামক জিম্মাত লোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘলে।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'পি চিদাম্বৰামে যোৱা বহুদিনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ৰাজনীতি আৰু অসফলতাসমূহক সমালোচনা কৰি আহিছিল। আৰু চৰকাৰ তেওঁৰ এই সমালোচনাৰ সন্মুখীন হ'ব নোৱাৰে। সেয়েহে চৰকাৰক সমালোচনা কৰা সকলৰ ওপৰত এনেদৰে হেঁচা প্ৰয়োগ কৰিছে তেওঁলোকে।'