Charaideu batori kakot
Charaideu batori kakot 
মুখ্য-পৃষ্ঠা

গুৱাহাটী প্ৰেছ ক্লাবত চৰাইদেউ বাতৰি কাকতৰ দ্বাদশ বাৰ্ষিক বৰ্ষপূৰ্তী অনুষ্ঠান সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ পৰা প্ৰকাশিত একমাত্ৰ পষেকীয়া বাতৰি কাকত 'চৰাইদেউ বাতৰি'ৰ দ্বাদশ বাৰ্ষিক বৰ্ষপূৰ্তী আৰু বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে অনুষ্ঠিত হয়।

চৰাইদেউ জিলাৰ প্ৰাক্তন উপায়ুক্ত বিবেকানন্দ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত সম্বৰ্ধনা সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে চৰাইদেউ বাতৰি কাকতৰ মুখ্য উপদেষ্টা তথা সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । মুখ্য সম্পাদক মৃদুল কুমাৰ চাহুৱে আঁত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ জেষ্ঠ প্ৰশাসনিক বিষয়া চৰাইদেউৰ নিবাসী বিপুল কলিতা, আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, মুখ্য বক্তা জীতু শৰ্মা ৰাজখোৱা ।

Guwahati press club

উক্ত সভাত অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰীকাক "কৰ্মভূষণ ২০২২ " , বিশিষ্ট সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাক যুৱ সাংবাদিকতা বঁটা, মেঘালয়ৰ ইউনিভাৰ্ছিটি চাইন্স এন্ড টেকন'লজীৰ উপাচাৰ্য মঃ মহবুল হকক শিক্ষা ৰত্ন বঁটা, নাগালেণ্ড ইউনিভাৰ্ছিটিৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ড০ বলিন কোঁৱৰক প্ৰজ্ঞাৰ সাধক বঁটা,ৰাজীৱ কুমাৰ মাহাত্বক সমাজ সেৱিকা বীনা ৰানী ভুমিজ সোঁৱৰণী বঁটা প্ৰদান কৰে।

তাৰোপৰি সভাত দৈনন্দিন কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চূতীয়া, অসম আদিত্য কাকতৰ সহ সম্পাদক হৰেণ সোনোৱাল, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক ৰাতুল বড়া, চৰাইদেউৰ জনসংযোগ কৰ্মচাৰী ভাস্কৰ বৰদলৈ,আহোম য়ুথ ফৰামৰ সভাপতি বিশ্বজিৎ গগৈ, এছিয়া বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কিশোৰ লেখক আয়ুস্মান কলিতা, গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণ কৰি পদক পাবলৈ সক্ষম হোৱা বীমা বড়া আৰু অন্যন্যা শইকয়ালৈ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।

Batori Kakot

গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ দ্বাদশ বাৰ্ষিক বৰ্ষপূৰ্তী অনুষ্ঠানত চৰাইদেউ প্ৰকাশৰ লগত জড়িত ব্যক্তি সকলৰ উপৰিও ভালে সংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে।