charaibahi college
charaibahi college 
মুখ্য-পৃষ্ঠা

চৰাইবাহী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত উপায়ুক্ত দেৱাশীষ শৰ্মা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ বিদ্যালয়ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান নোপোৱাকৈও এজন ছাত্ৰ বা ছাত্ৰীয়ে জীৱনত এজন সফল ব্যক্তি হ’ব পাৰে ৷ শুকুৰবাৰে চৰাইবাহীৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই ৷

জিলাখনৰ চৰাইবাহী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চৰাইবাহী মহাবিদ্যালয় নৱাগত আদৰণি সভা আৰু সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি উপায়ুক্ত গৰাকীয়ে কয় যে , সকলো ছাত্ৰ ছাত্ৰীয়ে সদায় মানৱতাৰ জ্ঞান ল'ব লাগে লগতে অসমীয়া সমাজ জীৱনৰ পৰাও জ্ঞান লৈ জীৱনত আগবাঢ়ি যাবলৈ সকলো ছাত্ৰ ছাত্ৰীক আহ্বান জনায় ৷

চৰাইবাহী মহাবিদ্যালয়ৰ উপাধ্যক্ষ মাধৰাম কাকতিৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে মহাবিদ্যালয়ৰ অধ্যাপক বিৰেশ ডেকা আৰু ড° নাজমা বেগমে ৷ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গনেশ চন্দ্ৰ মেধি , মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি , সম্পাদক ক্ৰমে ডিপুল কুমাৰ নাথ আৰু ৰূপজ্যোতি মেধি আৰু মহাবিদ্যালয় অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থকা আদৰণি সভাত চৰাইবাহী মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথৰ দুখন গ্ৰন্থ ক্ৰমে “ মুক্তি যুঁজাৰু তিলক ডেকা ” আৰু “ সংৰক্ষিত মন্ত্ৰ ” গ্ৰন্থ দুখন উন্মোচন কৰে মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই ৷

আনহাতে শিক্ষানুষ্ঠানখনৰ পৰা ২০২১ - ২২ বৰ্ষত শ্ৰেষ্ঠ স্নাতক সন্মান লাভ কৰা ছাত্ৰী উন্মনা দেৱীক অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° জুমি বৰুৱাই তেখেতৰ পিতৃ প্ৰয়াত ৰোহিনী কুমাৰ বৰুৱা আৰু মাতৃ স্বৰ্গীয়া মনোৰমা বৰুৱা সোঁৱৰণী “ শ্ৰেষ্ঠ স্নাতক বঁটা ” প্ৰদান কৰে ৷

উল্লেখ্য যে, এই বৰ্ষৰ পৰা প্ৰতি বছৰে মহাবিদ্যালয়খনৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক শ্ৰেষ্ঠ স্নাতক বঁটা প্ৰদান কৰিব বুলি বঁটা দাতা ড° জুমি বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

সভাত মহাবিদ্যালয় শিক্ষা বিভাগৰ অধ্যাপিকা ড° নাজমা বেগমক ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ বাবে মহাবিদ্যালয়ৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনায় ৷