মুখ্য-পৃষ্ঠা

চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট…

asomiyapratidin

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ সৈতে নিয়ন্ত্ৰণ কেন্দ্ৰ সংযোগ বিচ্ছিন্ন হোৱাৰ পাছৰে পৰা ভাৰতবাসীয়ে জনোৱা সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ইছৰ'ই। ইছৰ'ই টুইটাৰত লিখে- 'আমাৰ সৈতে একেলগে থিয় হৈ থকাৰ বাবে ধন্যবাদ। ভাৰতবাসীৰ আশা আৰু সপোনৰ দ্বাৰা প্ৰেৰণা লাভ কৰি আমি আগবাঢ়ি যাম!'

উল্লেখ্য যে, চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে চন্দ্ৰপৃষ্ঠৰপৰা মাত্ৰ ২.১ কিলোমিটাৰ উচ্চতাত থকা সময়তে বিচ্ছিন্ন হৈ পৰিছিল সংযোগ। আৰু তাৰপাছৰে পৰা ইছৰ'ই পুনৰ সংযোগ স্থাপনৰ বাবে অহৰহ চেষ্টা চলাই আছে। ইফালে, সমগ্ৰবিশ্বই ইছৰ'ৰ প্ৰশংসা কৰে চন্দ্ৰযান-২ৰ বাবে। তদুপৰি প্ৰধানমন্ত্ৰী মোডীয়েও সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত কৈছিল- 'মইআপোনালোকৰ সৈতে আছো। লগতে সমগ্ৰ দেশবাসী আপোনালকৰ সৈতে আছে।'