মুখ্য-পৃষ্ঠা

অন্ধকাৰত ডুব গ’ল চন্দ্ৰ! শুকুৰবাৰে অন্ত পৰিব বিক্ৰম লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপনৰ প্ৰয়াসৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ চন্দ্ৰ অভিযান স্বৰূপে চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰোভাৰৰ সৈতে এতিয়াও পুনৰ সংযোগ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। ২২ জুলাইত ইছৰ'ৱে উৎক্ষেপণ কৰা চন্দ্ৰযান-২ অভিযানৰ পিছত ৭ ছেপ্টেম্বৰ বিক্ৰম লেণ্ডাৰক চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱত অৱতৰণ কৰোৱাৰ কথা আছিল যদিও চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ মাত্ৰ ২.১ কিলোমিটাৰ দূৰত্বতে বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হয় ইছৰ'ৰ।

ইফালে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বিক্ৰম লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপনৰ বাবে বান্ধি দিয়া ১৪ দিনৰ সময় শুকুৰবাৰে অন্ত পৰাৰ সময় চমু চাপি অহাৰ লগে লগে অনিশ্চিত হৈ পৰিছে চন্দ্ৰযান-২ অভিযানৰ ভৱিষ্যত। ইছৰ'ৱে আশংকা কৰাৰ দৰে যদি শুকুৰবাৰৰ ভিতৰত বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ স্থাপন সম্ভৱ নহয় তেন্তে এই সংযোগ পুনৰ স্থাপন কৰিব পৰা নাযাব।

উল্লেখ্য যে, চন্দ্ৰৰ এটা দিন পৃথিৱীৰ ১৪ দিনৰ সমান। যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে চন্দ্ৰৰ বুকুত সূৰ্য্যৰ ৰশ্মি ক্ৰমাৎ অন্ত পৰিছে আৰু এসময়ত সম্পূৰ্ণৰূপে অন্ধকাৰত ডুব যাব চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱ প্ৰান্ত। যাৰ ফলত বিক্ৰম লেণ্ডাৰৰ সৈতে সংযোগ স্থাপন কৰাটো ইছ'ৰৰ বিজ্ঞানীসকলৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিব।