মুখ্য-পৃষ্ঠা

হিংসা বিয়পোৱাৰ অপৰাধত গ্ৰেপ্তাৰ ভীম আৰ্মীৰ অধ্যক্ষ চন্দ্ৰশেখৰ, বৃহস্পতিবাৰে হাজিৰ কৰোৱা হ’ব আদালতত

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ টুলগকাবাদত ৰবিদাস মন্দিৰ উচ্চেদ কাৰ্যৰ বিৰোধিতা কৰাৰ সময়ত বুধবাৰে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ অপৰাধত আৰক্ষীয়ে ভীম আৰ্মীৰ অধ্যক্ষ চন্দ্ৰশেখৰ ৰাৱণসহ মুঠ ৯১ জনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে আটকাধীন সকলৰ বিৰুদ্ধে হিংসা বিয়পোৱা, চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতিসাধন কৰা, ভাবুকি প্ৰদান কৰা আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

ইফালে বৃহস্পতিবাৰে ভীম আৰ্মীৰ অধ্যক্ষ চন্দ্ৰশেখৰক দিল্লীৰ চাকেট আদালতত হাজিৰ কৰোৱা হ'ব। উল্লেখ্য যে, বুধবাৰে চন্দ্ৰশেখৰৰ নেতৃত্বত সহস্ৰাধিক লোকে ৰবিদাস মন্দিৰৰ উচ্চেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতিত ১৫ জনতকৈও অধিক আৰক্ষী কৰ্মী আহত হৈছিল।

উল্লেখযোগ্য যে, যোৱা ১০ আগষ্টত আদালতৰ নিৰ্দেশ মৰ্মে টুলগকাবাাদস্থিত সন্ত গুৰু ৰবিদাস মন্দিৰটোত প্ৰশাসনে উচ্চেদ চলাইছিল। ইয়াৰ পিছতে মন্দিৰ উচ্চেদ চলোৱাৰ বিৰুদ্ধে বিভিন্নজনে প্ৰতিবাদ সাব্যস্ত কৰে। বুধবাৰেও প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক লোকে। ৰামলীলা ময়দানৰ পৰা টুগলকাবাদা অভিমুখে আগবঢ়া প্ৰতিবাদী সমদলৰ ফলত আনন্দময় মাৰ্গত তীব্ৰ যান জঁটৰ সৃষ্টি হয়। ইফালে প্ৰতিবাদকাৰীক বাধা দিবলৈ যাওতে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় একাংশ প্ৰতিবাদকাৰী। যাৰ পৰিপ্ৰেক্ষিতত কেইবাজনো আৰক্ষী কৰ্মী আহত হয়।