- অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টি ডি পি দলৰ নেতা চন্দ্ৰবাবু নাইডুক আৰক্ষীৰ গৃহবন্দী।
- বুধবাৰে পুৱাৰে পৰা নাইডুৰ ঘৰৰ চাৰিওফালে আৰক্ষীৰ কটকটীয়া বেষ্টনী।
- নাইডুৰ পুত্ৰকো ওলাবলৈ দিয়া নাই ঘৰৰ পৰা।
- দৰাচলতে ৰাজ্যখনৰ শাসনাধীন দল YSRCP ৰ কৰ্মীয়ে টি ডি পি দলৰ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ তুলি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা আছিল।
- পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাস্থানতো প্ৰশাসনে জাৰি কৰিয়ে ১৪৪ ধাৰা।
- ৰাজ্য জুৰি প্ৰতিবাদী কাৰ্যসুচী ঘোষণা কৰিছিল টি ডি পি দলে।