জ্যোতি চিত্ৰবনত চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল
জ্যোতি চিত্ৰবনত চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল 
মুখ্য-পৃষ্ঠা

জ্যোতি চিত্ৰবনত চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জ্যোতি চিত্ৰবনত চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল। অহা ৫ আৰু ৬ জানুৱাৰিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' চৌহদত অনুষ্ঠিত হ'ব চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল।

চলচ্চিত্ৰমৰ বিষয়-ববীয়াই জনোৱা অনুসৰি ৫ জানুৱাৰিত দিনৰ ১১ বজাত উদ্বোধনী অনুষ্ঠানৰ পাছতেই ছবি প্ৰদৰ্শন কৰিব। ২ বজাত ড০ দীপশিখা ভাগৱতীৰ ইংৰাজী গ্ৰন্থ 'ফিল্ম এণ্ড লিটাৰেচাৰ' উন্মোচন কৰিব আকাশ আদিত্য লামাই। ২-১৫ বজাত পবিত্ৰ কুমাৰ ডেকালৈ স্মৃতি তৰ্পণ অনুষ্ঠান। ইয়াৰ পাছতেই বাংলা ছবি 'মহিষাসুৰ মিৰ্দনী' প্ৰদৰ্শনৰ লগতে পৰিচালকৰ সতে কথোপকথন।

আনহাতে ৬ জানুৱাৰিৰ দিনা দিনৰ ১১ বজাৰ পৰা ছবি প্ৰদৰ্শন। আবেলি ২-৩০ বজাত আদিত্য পট্টৱৰ্ধন পৰিচালিত 'এ নোমাড ৰিভাৰ', 'ইণ্ডিয়ান প্ৰিমিয়াৰ' প্ৰদৰ্শন। তাৰ পাছতেই পৰিচালক পট্টৱৰ্ধন আৰু অভিনেত্ৰী কংকনা চক্ৰৱৰ্তীৰ সতে কথোপকথন। আবেলি ৪-৩০ বজাত বঁটা বিতৰণী অনুষ্ঠান। এই অনুষ্ঠানত ভাগ ল'ব কানাড়া ছবিৰ অভিনেতা সুনীল পুৰাণিকে।