মুখ্য-পৃষ্ঠা

নতুন দিল্লীত কেন্দ্ৰৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰৰে এন এছ চি এন মুইভা গোটৰ সামূহিক নেতৃত্বতৰ গুৰুত্বপূৰ্ণ আলোচনা…

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ নগা ৰাজনৈতিক সমস্যা সমাধানত বৰ্তমান সৃষ্টি হোৱা অচলাৱস্থাক দূৰ কৰিব বাবে শনিবাৰে নতুন দিল্লীত কেন্দ্ৰৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ (আই এম) ৯ জনীয়া সামূহিক নেতৃত্বতৰ মাজত তৃতীয়লানী গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয় । দিনৰ ১১ বজাত অৱসৰপ্ৰাপ্ত সেনা জেনেৰেল ভি এছ এটেমৰ নেতৃত্বত এন এছ চিনৰ দলটোৱে এ কে মিশ্ৰৰ সৈতে নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ সন্দৰ্ভত প্ৰায় দুঘণ্টা ধৰি আলোচনা মিলিত হয় ।

জানিব পৰামতে এই আলোচনা প্ৰায় এসপ্তাহ ধৰি চলিব যদিও পৰৱৰ্তী বৈঠকত কেতিয়া অনুষ্ঠিত হ'ব সেয়া বৰ্তমানেও নিশ্চিত কৰা নাই । উল্লেখযোগ্য যে এন এছ এনৰ মুৰব্বী থুইংগালেঙ মুইভা স্বাস্থ্যগত কাৰণ এইবাৰ আলোচনাত অংশগ্ৰহণ কৰিব পৰা যাৰ বাবে এই আলোচনাৰ নেতৃত্বত দিছে অৱসৰপ্ৰাপ্ত জেনেৰেল ভি এছ এটেমে । দুয়ো পক্ষই ২০২৩ চনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে অন্তিম সমাধানত উপনিত হবৰ বাবে এনেদৰে সঘন বৈঠকত বহিছে। ইফালে ৱাখা জিলাৰ টিয়িত নাগালেণ্ড টাইবেল কাউন্সিলৰ এক সভাত অংশগ্ৰহণ কৰি এন এছ চি এনৰ নেতাই নিজৰ স্বাৰ্থৰ বাবে আলোচনা বিচৰা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ সৈতে এন এছ চি এনৰ গুৰুত্বপূৰ্ণ আলোচনাৰ মাজতে নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী য়ানথাগুন পেট্টন নগা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিছে । তেওঁ আজি কয় –নগা সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰৰ সুকীয়া পতাকা আৰু সংবিধানৰ পক্ষ নাই । সেয়ে এন এছ চি এনে নিজৰ স্থিতি স্পষ্ট কৰি কৰিব লাগে সমাধান লাগে নে নালাগে । এন এছ চি এনে সুকীয়া পতাকা আৰু সংবিধান বিচাৰি থাকিলে আৰু এশ বছৰতো নগা ৰাজনৈতিক সমস্যাটো সমাধান নহয় বুলি তেওঁ কয় ।

নগা সমস্যা সমাধান কৰিবলৈ ভাৰত চৰকাৰ কি কব লগা আছে সেয়া এতিয়া চীধা কথা কোৱাৰ সময় আহিছে । তেওঁ অভিযোগ কৰি কয় এন এছ চি এনৰ একাংশ নেতা নগা সমস্যা সমাধান হোৱাটো নিবিচাৰে । এনে হলে নগা সমস্যা সমাধানত বিফল হব। ইফালে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ অধ্যক্ষতাৰ চৰকাৰৰ কৰ কমিটিৰ এটা দলে শীঘ্ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ আজি নতুন দিল্লীত উপস্থিত হ'ব।