মুখ্য-পৃষ্ঠা

লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় আৰু আন সামগ্ৰীসমূহ কঢ়িওৱা বাহন চলাচলত নাথাকিব কোনো প্ৰতিবন্ধকতা…

asomiyapratidin

ডিজিটেল ডেস্কঃ লকডাউনৰ পাছত কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত কেৱল অত্যাৱশ্যকীয় সেৱাৰ আৰু সামগ্ৰী কঢ়িওৱা বাহন সমূহহে চলাচল কৰাৰ বাবে নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আনবোৰ সামগ্ৰী কঢ়িওৱা বাহন চলাচলৰ অনুমতি প্ৰদানৰ বাবে নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰসমূহক এক পত্ৰযোগে বাতৰিকাকত, গাখীৰ, আৰু দৈনন্দিন ব্যৱহৃত সামগ্ৰীসমূহ ৰপ্তানিৰ অনুমতি প্ৰদান কৰাৰ বাবে আহ্বান জনায়।

লগতে পত্ৰখনত উল্লেখ আছে যে- 'বাতৰিকাকত, গাখীৰৰ লগতে হাত ধোৱা সামগ্ৰী, চোবান, চেম্পু, ডিটাৰ্জেন-টিছ্যু পেপাৰ, টুথপেষ্ট, ছেনিটেৰী পেড, ডাইপাৰ, চাৰ্জাৰ আদি কঢ়িওৱা বাহন চলাচলৰ অনুমতি প্ৰদানৰ বাবে অনুমতি প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰসমূহে।