- দেশৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনধাৰী সকলৰ বাবে সুখবৰ।
- কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে কৰ্মচাৰী সকলৰ ডি এ (Dearness Allowance) ভাট্টা।
- ৫ শতাংশ বৃদ্ধি কৰিছে ডি এ ভাট্টা।
- পূৰ্বৰ ১২ শতাংশ পৰা ১৭ শতাংশলৈ কৰা হৈছে বৃদ্ধি।
- চৰকাৰৰ এই সিদ্ধান্তৰ পৰা লাভৱান হব ৫০ লাখ কৰ্মচাৰী আৰু ৬২ লাখ পেঞ্চনধাৰী।
- চলিত বৰ্ষৰ ১ জুলাইৰ পৰাই কৰ্মচাৰীসকলে লাভ কৰিব এই বৰ্দ্ধিত ভাট্টা।
- ডি এ ভাট্টা হৈছে চৰকাৰী কৰ্মচাৰীসকলে যাতে সুচলভাৱে চলিব পাৰে তাৰবাৰে প্ৰদান কৰা এক ভাট্টা।
- দেশৰ সামগ্ৰী মূল্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে প্ৰদান কৰা হয় এই ভাট্টা।