মুখ্য-পৃষ্ঠা

দেশত নিষিদ্ধ ই-চিগাৰেটঃ কেন্দ্ৰীয় চৰকাৰী জাৰি কৰিলে অধ্যাদেশ

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত নিষিদ্ধ কৰা হৈছে ইলেক্ট্ৰনিক চিগাৰেট বা ই-চিগাৰেট। বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক সংবাদ মেল সম্বোধন কৰি দেশত ই-চিগাৰেটৰ উৎপাদন, সৰবৰাহ আৰু আমদানিত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা বুলি জানিবলৈ দিয়ে। ই-চিগাৰেট স্বাস্থ্যৰ পক্ষে অত্যন্ত হানিকাৰক হোৱা বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলিও সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে।

আনহাতে তৰল নিক'টিন বাষ্পীভূত কৰি তৈয়াৰ কৰা এই ই-চিগাৰেটসমূহ ব্যৱহাৰৰ প্ৰৱণতা ছাত্ৰ-ছাত্ৰীসকলৰ মাজতে অধিক বুলি মন্তব্য কৰে নিৰ্মলা সীতাৰমণে। প্ৰণিধানযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পূৰ্বেই ই-চিগাৰেটৰ ওপৰত নিষেধাজ্ঞামূলক অধ্যাদেশ দাখিল কৰা হৈছিল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশ অনুযায়ী এই বিশেষ অধ্যাদেশ দাখিল কৰা হৈছিল সদনৰ মজিয়াত। খচৰা অধ্যাদেশ অনুযায়ী ই-চিগাৰেট পান কৰিলে ১ বছৰ পৰ্যন্ত কাৰাবাস আৰু ১ লাখ টকা পৰ্যন্ত জৰিমণা বিহা হ'ব পাৰে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনীয়া কৰ্মসূচীৰ ভিতৰত এটা আছিল দেশত ই-চিগাৰেট নিষিদ্ধ কৰাটো।