মুখ্য-পৃষ্ঠা

দৌলাশালত সুধাকণ্ঠক স্মৰণ বিৰিণা গোষ্ঠী আৰু ভাস্কৰ সামূহিক কেন্দ্ৰৰ…

asomiyapratidin

ডিজিটেল সংবাদ চেঙাঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰী জিলাৰ দৌলাশালতো শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক পৃথকে পৃথকে স্মৰণ কৰে বিৰিণা গোষ্ঠী, অসম আৰু দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰই । বিৰিণা গোষ্ঠী অসমৰ দৌলাশালস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় সুধাকণ্ঠৰ দশম বাৰ্ষিক স্মৃতিচাৰণ অনুষ্ঠান।

 বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তফিকুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে গোষ্ঠীটোৰ বিজ্ঞাপন সচিব চেলিম মালিকে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সহযোগী সম্পাদক ৰমণী নাথে। স্মৃতিচাৰণ অনুষ্ঠানত গোষ্ঠীটোৰ বিশেষ প্ৰতিনিধি বাবুল বণিক্য‌‌‌, সহযোগী সম্পাদক সুৰজিৎ পাঠক, সদস্য জয়ন্ত ডেকা, খঞ্জনজ্যোতি পাঠক, নৱ কুমাৰ কলিতা, জেহেৰুল ইছলাম, হেমন্ত বৰ্মনকে আদি কৰি নলবাৰী আৰু বৰপেটা জিলাৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে দৌলাশালৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ভাস্কৰ সামূহিক কেন্দ্ৰই এইবেলিও ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথিত যাযাবাৰী শিল্পী গৰাকীক স্মৰণ কৰে৷

 ক'ৰোনা সৃষ্ট পৰিৱেশৰ বাবে জাকজমকতা পৰিহাৰ কৰি অনুষ্ঠিত কৰা সুধাকন্ঠ ভূপেন হাজৰিকাদেৱৰ দশম মৃত্যু তিথিৰ কাৰ্যসূচী অনুসৰি পুৱা ভাস্কৰ সামূহিক কেন্দ্ৰৰ পতাকা উত্তোলন কৰে  কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকে। বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি তথা স্থানীয় সাংবাদিক লীলাধৰ পাঠকে। হাজৰিকাৰ প্ৰতিচ্ছবিত  মাল্যাৰ্পণ কৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক কিশোৰ কুমাৰ নাথে আৰু সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশিষ্ট অভিনেতা বাবুল বণিক্যই ।

ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত কেইবাগৰাকীও বিশিষ্ট লোকে হাজৰিকাৰ জীৱন দৰ্শন আৰু তেখেতৰ কালজয়ী গীত সম্পৰ্কত বক্তব্য প্ৰদান কৰে। কেন্দ্ৰৰ সম্পাদক নিকুঞ্জ নাথ, সহ: সম্পাদক প্ৰণৱ দাস আৰু দীপু ঠাকুৰীয়াই  আঁত ধৰা অনুষ্ঠাটোত গছপুলি ৰোপণ কৰে সাংবাদিক তফিকুৰ ৰহমান আৰু শিক্ষক কনক ঠাকুৰীয়াই।

 অনুষ্ঠানটোত অঞ্চলটোৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু জ্যেষ্ঠ নাগৰিকৰ লগতে কেন্দ্ৰৰ কেইবাগৰাকী সদস্যই সুঠাকণ্ঠৰ  "মানুহে মানুহৰ বাবে" কালজয়ী গীতটো সমূহীয়া ভাৱে পৰিৱেশন কৰে। কেন্দ্ৰৰ শিল্পী অৰূপ নাথ আৰু সহদেৱ নাথে হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰি অনুষ্ঠানটোক অনন্য কৰি তোলে । তাৰ পিছতে অৱসৰী প্ৰধান শিক্ষক হৰিদাস বৈশ্যই ভাগৱত পাঠ কৰে । সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰা হয় ।