মুখ্য-পৃষ্ঠা

উত্তপ্ত পৰিস্থিতি! উত্তৰ-পূব দিল্লীত চিবিএছইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ-পূব দিল্লীত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিবিএছই ব'ৰ্ডে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব লগা পৰীক্ষাসমূহ স্থগিত ৰখাৰ ঘোষণা কৰে। এখন জাননীযোগে চিবিএছই বৰ্ডে জনাই যে, বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে পৰীক্ষাৰ্থী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীৰ অসুবিধা ন'হবলৈ অহা ২৭ ফেব্ৰুৱাৰী, ২০২০ত অনুষ্ঠিত হ'ব লগা পৰীক্ষা স্থগিত ৰখাৰ অনুৰোধ জনায়। লগতে পৰীক্ষা অনুষ্ঠিত হ'ব লগা নতুন তাৰিখ শীঘ্ৰেই জনোৱা হ'ব বুলিও এই জাননীখনত উল্লেখ কৰা হয়।

উল্লেখ্য যে, উত্তৰ-পূব দিল্লীৰ বাহিৰে ৰাজ্যখনৰ আন প্ৰান্তসমূহত পূৰ্বে নিৰ্ধাৰিত সময় অৰ্থাৎ বৃহস্পতিবাৰেই অনুষ্ঠিত হ'ব এই পৰীক্ষাসমূহ। চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব লগা উত্তৰ-পূব দিল্লীৰ অন্তৰ্গত মুঠ ৮৬টা পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষা স্থগিত ৰখা হৈছে।