মুখ্য-পৃষ্ঠা

CBSE Exam-২০২২ঃ দুটা ভাগত হ’ব পৰীক্ষা…

asomiyapratidin

ডিজিটেল ডেস্কঃ চিবিএছই-য়ে ২০২১-২২ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ বাবে বিশেষ মূল্যাংকনৰ যোঁজনাৰ ঘোষণা কৰিছে। ২০২১ বৰ্ষৰ ব'ৰ্ড পৰীক্ষা দুটা ভাগত আয়োজন কৰা হ'ব। ইয়াৰে প্ৰত্যেকটো ভাগতে ৫০ শতাংশ পাঠ্যক্ৰম থাকিব। জানিব পৰা মতে, প্ৰথম ভাগত হ'ব লগা পৰীক্ষাবোৰ নম্বৰ-ডিচেম্বৰত আয়োজন কৰাৰ বিপৰীতে মাৰ্চ-এপ্ৰিল মাহত দ্বিতীয় ভাগৰ পৰীক্ষা আয়োজন কৰা হ'ব।

চিবিএছইৰ বিষয়াসকলে সাংবাদিক কয় যে, দুটা ভাগত হ'ব পৰীক্ষা সমূহ। ব'ৰ্ডে দ্বিবিভাজিত পাঠ্যক্ৰমৰ আধাৰতে পৰীক্ষা পাতিব। উল্লেখ কৰিবলগীয়া যে, দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল এক আৱেদন। যি আৱেদনত চিবিএইছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ মাচুল ঘূৰাই পোৱাৰ বাবে দাবী উত্থাপন কৰা হৈছিল।