মুখ্য-পৃষ্ঠা

চি বি আই প্ৰশিক্ষণ একাডেমীত প্ৰৱেশ কোৰোনাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ কৰাল গ্ৰাসত সমগ্ৰ বিশ্ব। ভাৰততো বিগত প্ৰায় ৩-৪মাহ ধৰি অব্যাহত আছে কোৰোনাৰ সন্ত্ৰাস। যি গতিত দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, তালৈ লক্ষ্য ৰাখি অচিৰেই ভাৰতত আক্ৰান্তৰ সংখ্যাই যে ৮লাখৰ ঘৰ অতিক্ৰম কৰিব সেইটো নিশ্চিত।

শেহতীয়াকৈ গাজিয়াবাদৰ চি বি আই প্ৰশিক্ষণ একডেমীতো প্ৰৱেশ কৰিছে কোৰোনা ভাইৰাছে। একাডেমীখনৰ আৱাসিক এলেকাৰ প্ৰায় ১৬গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত। কনিষ্ঠবল, ৰান্ধনীকে ধৰি এটি ১৫বছৰীয়া শিশুও কোৰোনাত আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ ভিতৰত ৪গৰাকী মহিলাৰ লগতে ১১গৰাকী পুুৰুষ।

উল্লেখ্য যে, দেশত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে বৰ্তমানলৈকে ৭ লাখ ৯৮ হাজাৰ ১২৮গৰাকী। ইয়াৰ বিপৰীতে ২১,৬৫৪গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে। শেহতীয়াকৈ দেশত কোৰোনা প্ৰকোপ বৃদ্ধি পাইছে যদিও কোৰোনামুক্ত হোৱা লোকৰ সংখ্যাও ৪লাখ ৯৮হাজাৰলৈ বৃদ্ধি পাইছে।