মুখ্য-পৃষ্ঠা

চিবিআইয়ে ইন্দ্ৰাণী মুখাৰ্জীৰ সৈতে মুখামুখিকৈ জেৰা কৰিব পি চিদাম্বৰামক…

asomiyapratidin

ডিজিটেল ডেস্কঃ ২১ আগষ্টত চিবিআইয়ে নাটকীয় ভাৱে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰামক পাঁচ দিনৰ জিম্মাত লোৱাৰ পাছত দিল্লীস্থ চিবিআইৰ মুখ্য কাৰ্যালয়ত চলোৱা হৈছে পুনৰ জেৰা। আদালতত হাজিৰ কৰোৱা সময়ত চিবিআইৰ হৈ ওকালতি কৰা দেশৰ মহাধিবক্তা তুষাৰ মেহতাই আদালতক জনাইছিল যে- অনুসন্ধানকাৰী সন্থা চিবিআইক কোনো সহযোগ কৰা নাই প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে, আই এন এক্স মিডিয়া উৎকোচ গোচৰত গ্ৰেপ্তাৰকৰা পি চিদাম্বৰামৰ সন্দৰ্ভত চিবিআইক বিস্ফোৰক অভিযোগ দিছিল শ্বীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত হৈ কাৰাবাস খাটি থকা ইন্দ্ৰাণী মুখাৰ্জী ওৰফে পৰী বৰাই।

বিত্ত মন্ত্ৰী হৈ থকা অৱস্থাত পি চিদাম্বৰামক সাক্ষাৎ কৰাৰ সময়ত পুত্ৰৰ কৃতি চিদাম্বৰামক ব্যৱসায়িক সহায় কৰাৰ বাবে পৰোক্ষভাৱে তেওঁৰ পুত্ৰক উৎকোচ যাচিবলৈ কোৱা বুলি চিবিআইৰ জেৰাত ইন্দ্ৰাণী মুখাৰ্জীয়ে বিস্ফোৰক তথ্য প্ৰকাশ কৰিছিল। আনকি প্ৰায় ৩০০ কোটি টকা পি চিদাম্বৰামৰ পুত্ৰৰ কোম্পানীত বিনিয়োগ কৰিছিল ইন্দ্ৰাণী মুখাৰ্জী মালিকাধীন আই এন এক্স মিডিয়াই।

এই অভিযোগৰ সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চিবিআইৰ সন্মুখত মুখ নুখুলিলেও ইন্দ্ৰাণী মুখাৰ্জী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰামৰ মুখামুখি কৈ জেৰা কৰাৰ পৰিকল্পনা কৰিছে চিবিআইয়ে। ইফালে, ২৬ আগষ্টলৈকে চিবিআইৰ জিম্মাত থাকিব লগা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী চিবিআইৰ জিম্মা শেষ হোৱাৰ পাছতেই ই ডিৰ জিম্মাৰ পৰা জামিন বিচাৰি আদালতক আৱেদন জনাব।