মুখ্য-পৃষ্ঠা

চিবিআই সঞ্চালক আলোক বাৰ্মাৰ বিৰুদ্ধে কেন্দ্ৰই দিয়া নিৰ্দেশ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে মঙলবাৰে পুৱাই চি বি আই সঞ্চালক আলোক বাৰ্মাৰ আৱেদনৰ ভিত্তিত তেওঁক ৰাতিৰ ভিতৰতে ছুটীত পঠিওৱা গোচৰৰ ৰায় প্ৰদান কৰিলে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত বিচাৰপীঠে সঞ্চালক আলোক বাৰ্মাক কেন্দ্ৰীয় চৰকাৰে ছুটীত পঠিওৱা নিৰ্দেশ খাৰিজ কৰি দিয়ে।

এতিয়াৰে পৰা আলোক বাৰ্মাই সঞ্চালকৰূপে চি বি আইৰ কাৰ্যালয়লৈ যাব। কিন্তু তেওঁ নীতিগত কিছু সিদ্ধান্ত ল'ব নোৱাৰিব। অৱশ্যে তেওঁৰ প্ৰশাসনীয় দিশবোৰৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ অধিকাৰ থাকিব। উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ চি বি আই সঞ্চালক নিযুক্তিৰ বাবে গঠিত উচ্চপৰ্যায়ৰ কমিটীয়ে পৰীক্ষা কৰিব। যিখন কমিটীৰ সদস্য ক্ৰমে- প্ৰধানমন্ত্ৰী মোডী, বিৰোধী দলৰ দলপতি আৰু দেশৰ মুখ্য ন্যায়াধীশ।

এই নিৰ্বাচনী কমিটীয়ে এসপ্তাহৰ ভিতৰতে বৈঠক অনুষ্ঠিত কৰি তেওঁক অব্যাহত দিয়া-নিদিয়া সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি ৬ ডিচেম্বৰতেই শেষ কৰিছিল যদিও, গোচৰৰ ৰায়দান সংৰক্ষণ কৰি ৰাখিছিল। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জয় কিষাণ কোল, ন্যায়াধীশ কে এম জোছেফৰে গঠিত বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিছিল।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ মঙলবাৰে ছুটীত থকাৰ বাবে দেশজুৰি চৰ্চিত আৰু সকলোৰে দৃষ্টিনিৱদ্ধ হৈ থকা এই গোচৰৰ ৰায়দান মঙলবাৰে ন্যায়াধীশ সঞ্জয় কৃষাণে পঢ়ি শুনাই। ন্যায়ালয়ৰ এই ৰায়দানৰ পাছতেই ৰাজনৈতিক দলৰ নেতৃত্বই মোডী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। চি পি এমে ন্যায়ালয়ৰ এই ৰায়দানৰ পাছত মোডী চৰকাৰে দেশজুৰি কি তামাচা চলাইছিল সেয়া ওলাই পৰিল বুলি মন্তব্য কৰিছে।

দলটোৰ শীৰ্ষ নেতা মঃ ছলিমে মোডীৰ পদত্যাগৰ দাবী কৰিছে। ইফালে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ে চি বি আই সঞ্চালক আলোক বাৰ্মাৰ সন্দৰ্ভত দিয়া নিৰ্দেশ ন্যায়ালয়ে স্থগিত কৰাৰ পাছত ইয়াৰ দাগ প্ৰধানমন্ত্ৰী গাত লাগিল বুলি মন্তব্য কৰিছে।