- মোডী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি অৱশেষত পদত্যাগ কৰিলে চি বি আই সঞ্চালক আলোক বাৰ্মাই।
- চি বি আইৰ দুই উচ্চপদস্থ বিষয়াৰ সংঘাতৰ পৰিণতিত প্ৰথমে বাধ্যতামূলক ছুটীত পঠিয়াইছিল বাৰ্মাক।
- ৰাকেশ আস্থানাৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ গৈ চৰকাৰৰ ৰোষত পৰিছিল বাৰ্মা।
- উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল সঞ্চালক আলোক বাৰ্মা।
- দুদিনৰ পূৰ্বে তেওঁক উক্ত পদত অধিষ্ঠিত কৰিছিল উচ্চতম ন্যায়ালয়ে।
- অৱশ্যে সেই নিযুক্তি বিচাৰ কৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত গঠিত এখন উচ্চপদস্থ কমিটীয়ে।
- এই নিৰ্দেশো উচ্চতম ন্যায়ালয়ে দিছিল উক্ত ৰায়ৰ সময়ত।
- তাৰ পাছতেই বৃহস্পতিবাৰে মোডী নেতৃত্বাধীন কমিটীখনে উক্ত পদৰ পৰা তেওঁক বদলিৰ নিৰ্দেশ দিছিল।
আলোক বাৰ্মাৰ পদত্যাগ পত্ৰ…- অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক প্ৰধানলৈ বদলি কৰা হৈছিল বিষয়াগৰাকীক।
- দুমাহৰ পূৰ্বে বাধ্যতামূলক ছুটী আৰু চাকৰিৰ পৰা অৱসৰ ল'বলৈ কেইদিন মান থকাৰ আগতে পুনৰ বদলিত ক্ষুণ্ণ হৈছিল বিষয়াগৰাকী।
- চৰকাৰৰ এনে কৰ্মকাণ্ডৰ বাবেই চাকৰিৰ পৰা পদত্যাগ কৰিলে আলোক বাৰ্মাই।
- নতুন দায়িত্ব গ্ৰহণ নকৰাকৈয়ে পদত্যাগ কৰি বাৰ্মাই কয়-
- 'চি বি আইৰ স্বতন্ত্ৰতা হস্তক্ষেপ কৰিলে চৰকাৰে।'
- পদত্যাগ পত্ৰত বাৰ্মাই লিখিলে- 'এয়া আত্মবিশ্লেষণৰ ক্ষণ।'
- লগতে তেওঁক অপমান কৰা বুলিও প্ৰত্যক্ষভাৱে মন্তব্য কৰিলে বাৰ্মাই।