মুখ্য-পৃষ্ঠা

বজাৰত প্ৰতি কেজি পিঁয়াজৰ দাম ২০০ টকা! ৰামবিলাস পাছৱানৰ বিৰুদ্ধে আদালতত গোচৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পিঁয়াজৰ দামে কন্দুৱাইছে সাধাৰণ মানুহক। বজাৰত প্ৰতি কেজি পিঁয়াজ এতিয়া ২০০ টকা পৰ্যন্ত দামত বিক্ৰী হোৱাত সাধাৰণ জনতাই পিঁয়াজ কিনিবলৈ গৈ দহবাৰ চিন্তা কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে পিঁয়াজৰ এনে দামে প্ৰভাৱ পেলাইছে ক্ষুদ্ৰ ব্যৱসায়তো। পূৰ্বে যিজন গ্ৰাহকে ১ কেজি পিঁয়াজ ক্ৰয় কৰিছিল, সেই একেজন গ্ৰাহকেই এতিয়া ২৫০ গ্ৰাম পিঁয়াজ কৰিবলগা হোৱাত ব্যৱসায়ী সকলৰ ওপৰতো মাধমাৰ পৰা পৰিলক্ষিত হৈছে।

ইফালে পিঁয়াজৰ এনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হৈছে সমাজকৰ্মী ৰাজু নায়াৰ। তেওঁ কেন্দ্ৰীয় উপভোক্তা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী ৰামবিলাস পাছৱানৰ বিৰুদ্ধে জনতাক 'বিভ্ৰান্ত কৰা আৰু প্ৰতাড়না কৰা' সন্দৰ্ভত মুজাফ্ফৰপুৰৰ এখন আদালতত অভিযোগ দাখিল কৰিছে।

সমাজকৰ্মী ৰাজু নায়ৰৰ এই অভিযোগৰ মুখ্য ন্যায়িক দণ্ডাধীশ সূৰ্যকান্ত তিৱাৰীৰ আদালতে ১২ ডিচেম্বৰত শুনানি গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ৰাজু নায়াৰে অভিযোগ কৰা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানে পিঁয়াজৰ মূল্যবৃদ্ধি ৰোধ কৰাত বিফল হৈছে।

মুজাফ্ফৰপুৰৰ নিৱাসী ৰাজু নায়াৰে কয়, 'কেন্দ্ৰীয় মন্ত্ৰী পাছৱানে পিঁয়াজৰ লগতে অন্য কেঁচা পাচলিৰ মূল্য ক'লা ব্যৱসায়ীৰ বাবে বৃদ্ধি পোৱা বুলি জনতাক বিভ্ৰান্ত কৰিছে। তেওঁৰ বিৰুদ্ধে এই গোচৰ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪২০, ৬০৫ আৰু ৩৭৯ৰ অধীনত ৰুজু কৰা হৈছে।'