মুখ্য-পৃষ্ঠা

কেণ্ডেল ডিনাৰ নহয়, এইবাৰ চৰকাৰী চিকিৎসালয়ত ‘কেণ্ডেল চিকিৎসা’…

asomiyapratidin

ডিজিটেল ডেস্কঃ ম'ম'ৰ পোহৰত আপুনি খাদ্য গ্ৰহণ কৰে। সেয়া আপোনাৰ বিলাস। ৰেষ্টুৰেন্টত বহি কেণ্ডেল ডীনাৰ কৰাৰ হেঁপাহ সকলোৰে থাকে। কিন্তু সকলো কাম জানো ম'ম'ৰ পোহৰত কৰিব পাৰি? এজন জীৱন-মৰণেৰে যুঁজি থকা ৰোগীৰ চিকিৎসাৰ বিধান ম'ম'ৰ পোহৰত সম্ভৱনে? এয়াতো বিলাস হ'ব নোৱাৰে।

কিন্তু কেতিয়াবা এনে পৰিস্থিতিৰ সৃষ্টি হয় চৰকাৰী চিকিৎসালয়ত। গুৰুতৰভাৱে অসুস্থ এজন ৰোগীক নিয়া হৈছিল চিকিৎসালয়লৈ। সেই সময়ত চিকিৎসালয়খনত নাছিল বিদ্যুতৰ ব্যৱস্থা। বিদ্যুতৰ লুকা-ভাকুৱে অতিষ্ঠ কৰা এই চিকিৎসালয়খনৰ চিকিৎসকে বিদ্যুৎ আহিব আহিব বুলি ৰোগী জনক ৰখাই থ'ব নোৱাৰিলে।

সেয়ে জ্বলাই ল'লে এডাল ম'ম'। তাৰ পাছত ৰোগীক পৰীক্ষা কৰিলে চিকিৎসকে। সৌভাগ্য যে, এই ঘটনা অসমৰ নহয়। ওড়িশ্যাৰ এখন চৰকাৰী চিকিৎসালয়ৰ দৃশ্য আছিল এয়া।ময়ুৰভাঞ্জৰ ৰাৰুৱান ব্লক হাস্পতালত এই কাণ্ড সংঘটিত হ'ল। ৰোগীৰ অভিযোগ নিশা প্ৰায়ে নাথাকে বিদ্যুৎ। সেয়েহে চিকিৎসালয়খনত চিকিৎসকে প্ৰায়ে কৰিব লগা হয় 'কেণ্ডেল চিকিৎসা'। চাওঁক সেই মুহূৰ্তৰ দৃশ্য-